বৰ্তমান সকলো লোকেই স্বাস্থ্য সচেতন। নিজকে কিদৰে নিৰোগী, স্বাস্থ্যবান আৰু সুন্দৰ কৰি ৰাখিব পাৰি তাৰ বাবে সকলোৱেই কিবা নহয় কিবা প্ৰকাৰে চেষ্টা কৰি আছে। শাকপাচলি, ফলমূল অন্য অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ভেজাল হোৱাৰ বাবে আজিকালি জৈৱিক পদ্ধতিৰে কৰা খাদ্য সামগ্ৰীৰ প্ৰতি মানুহ বেছিকৈ আকৰ্ষিত হোৱা দেখা গৈছে।
ৰাতিপুৱা সাৰ পোৱাৰ পৰা শিথিল সন্ধিয়া এটা চাহৰ চুমুক নোহোৱাকৈ পাৰ হৈ নাযায়, এনে পৰিস্থিতিত আমাৰ ঘৰত চাহপাতৰ সেৱন অতি বেছি। সাধাৰণতে চাহ প্ৰস্তুত কৰাৰ পিছত আমি বাকী থকা চাহপাত ডাষ্টবিনত পেলাই দিওঁ, কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে যদি আপুনি জানে, তেন্তে ভুলতেও এই কামটো নকৰিব। বাকী থকা চাহপাত খিনি আমি আকৌ কেনেকৈ ব্যৱহাৰ কৰিব পাৰো ।

চাহৰ বহু স্বাস্থ্যৰ উপকাৰিতা গুণ আছে। বিভিন্ন প্ৰকাৰৰ চাহে পেট ফুলা, বদহজমৰ পৰা আৰম্ভ কৰি ওজন হ্ৰাস কৰা লৈকে বহুতো সমস্যা সমাধান কৰে। চাহপাতৰ উপৰি এনে কিছুমান চাহ খাব পাৰো, য’ত অধিক স্বাস্থ্য উপকাৰিতা আছে ।কিছুমান মানুহে দেখিছে যে তেওঁলোকৰ চুলিৰ জিলিকনি কমিবলৈ আৰম্ভ কৰে, এই ক্ষেত্ৰত আপুনি বাকী থকা চাহপাত ব্যৱহাৰ কৰিব পাৰে। ই প্ৰাকৃতিক কণ্ডিচনাৰ হিচাপে কাম কৰে।

ইয়াৰ বাবে ব্যৱহৃত চাহপাত পৰিষ্কাৰ পানীৰে ধুই চালনীৰে ফিল্টাৰ কৰি লওক। এতিয়া পানীৰে ভৰা পাত্ৰ এটাত উতলাই লওক আৰু ঠাণ্ডা হ’লে ইয়াৰে চুলি ধুই লওক, যদি আপুনি নিয়মিতভাৱে এই কাম কৰে তেন্তে চুলিয়ে আচৰিত ধৰণৰ জিলিকি উঠিব।চাহপাতত এন্টিঅক্সিডেন্ট গুণ পোৱা যায়।

এই কাৰণেই বহুতে ইয়াক ঘাঁ আৰু আঘাত ভাল কৰিবলৈ ব্যৱহাৰ কৰে। ইয়াৰ বাবে বাকী থকা চাহপাত চাফা কৰাৰ পাছত পানীত উতলাই ঠাণ্ডা হোৱাৰ পিছত আঘাতৰ ওপৰত ঘঁহি, তাৰ পিছত কিছু সময়ৰ পাছত আক্রান্ত অংশ পৰিষ্কাৰ পানীৰে ধুব লাগে।
