মছলা চাহ বুলিলে সচৰাচৰ সুগন্ধিযুক্ত একপ্ৰকাৰ উষ্ণ পানীয়ক বুজায়, যি ক’লা চাহ পাতৰ লগত বিভিন্ন ধৰণৰ মছলা আৰু ভেষজৰ লগত পানীত গৰম কৰি প্ৰস্তুত কৰা হয়। যি মূলতঃ ভাৰতীয় উপমহাদেশত উদ্ভাৱিত, কিন্তু বিশ্বব্যাপী সমাদৃত হৈছে। ভাৰতীয় লোকক এডাল এনাজৰীৰে বান্ধি ৰখা পানীয় বিধেই হ’ল চাহ ৷ পুৱাৰ আৰম্ভণি-সন্ধিয়াৰ ক্লান্তি দূৰ কৰাই হওক চাহ আমাৰ জীৱনৰ এক বিশেষ অংশ হৈ পৰিছে।ঐতিহ্যগতভাৱে এলাচি, লং, দালচিনি, আদা, তেজপাত ইত্যাদিৰ লগত চাহ পাতৰ সৈতে জুইত উতলাই মিশ্ৰণকৃত বনোৱা একপ্ৰকাৰ ক্বাথ। মছলা চাহৰ ঔষধি গুণ আছে।মছলা চাহ কেৱল সুস্বাদু নহয়, ই স্বাস্থ্যৰ বাবে বিভিন্ন উপকাৰো প্ৰদান কৰে।হজম শক্তিত সহায় কৰে: আদা আৰু জালুকৰ দৰে মছলাবোৰে হজম শক্তি ক্ষিপ্ৰ কৰে ৷
চৰ্দি আৰু কাহৰ পৰা উপশম: ডালচেনি, লং আৰু আদাৰ পৰা তৈয়াৰী চাহে চৰ্দি আৰু কাহৰ পৰা সকাহ দিয়ে ৷
শক্তি বৃদ্ধিকাৰী: ইয়াত থকা চাহপাতত কেফেইন থাকে, যিয়ে শৰীৰক সতেজ কৰি তোলে ৷
