টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ) (বিএছই: 532540, এনএছই: টিচিএছ) আৰু কৰ্ণাটক চৰকাৰৰ ইলেক্ট্ৰনিকছ, তথ্যপ্ৰযুক্তি, বিটি আৰু বিজ্ঞান তথা প্ৰযুক্তি বিভাগে টিচিএছ গ্ৰাম্য আইটি কুইজ কাৰ্যসূচীৰ ২৪সংখ্যক সংস্কৰণৰ বাবে পঞ্জীয়ন মুকলিৰ ঘোষণা কৰিছে। এই অনুষ্ঠানটো বেংগালুৰু টেক সন্মিলন ২০২৩ৰ অংশ। অনলাইন টেষ্ট আৰু ভাৰ্চুৱেল তথা ফিজিকেল অনুষ্ঠানৰ সংমিশ্ৰণ এই অনুষ্ঠান। এই কুইজ ক্ষুদ্ৰ ভাৰতীয় চহৰ আৰু বিভিন্ন জিলাৰ অষ্টম-দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি আছে, কিন্তু মহানগৰ বা নগৰপালিকাৰ ভিতৰৰ বিদ্যালয়ৰ বাবে নহয় এই অনুষ্ঠান।
অনলাইন টেষ্ট আৰু ভাৰ্চুৱেল আৰু ফিজিকেল অনুষ্ঠানৰ সংমিশ্ৰণত এই কুইজ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাৰতীয় চহৰ আৰু জিলাসমূহত অধ্যয়নৰত অষ্টমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে মুকলি ৰখা হৈছে। ই বেংক, শিক্ষা, মনোৰঞ্জন, গ্ৰন্থ, মাল্টিমিডিয়া, সংগীত, চলচ্চিত্ৰ, ইণ্টাৰনেট, বিজ্ঞাপন, ক্ৰীড়া, গেম, সামাজিক নেটৱৰ্কিং আৰু মোবাইলকে ধৰি বিভিন্ন খণ্ডত প্ৰযুক্তিৰ প্ৰয়োগৰ বিষয়ে অন্বেষণ কৰা হ’ব।
এই কুইজ মহানগৰ বা নগৰ পালিকাৰ অন্তৰ্ভুক্ত বিদ্যালয়সমূহৰ বাবে মুকলি নহয়। সমগ্ৰ ভাৰতৰ ৮টা অঞ্চলত ফাইনেল অনুষ্ঠিত হ’ব আৰু ইয়াৰ মাজৰ পৰা বেংগালুৰুত নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া নেচনেল ফাইনেললৈ বিজয়ীসকলক আমন্ত্ৰণ জনোৱা হ’ব। আঞ্চলিক পৰ্যায়ত বিজয়ী আৰু ৰানাৰ্ছ-আপে ১০,০০০ আৰু ৭,০০০ টকাৰ উপহাৰ ভাউচাৰ লাভ কৰিব। আনহাতে ৰাষ্ট্ৰীয় পৰ্যায়ত বিজয়ী আৰু ৰানাৰ-আপসকলে ১০০,০০০ টকা আৰু ৫০,০০০ টকাৰ টিচিএছ শিক্ষা বৃত্তি লাভ কৰিব। ২০২৩ চনৰ ২১ ছেপ্টেম্বৰলৈ ছাত্ৰ-ছাত্ৰীসকলে কুইজৰ বাবে পঞ্জীয়ন কৰিব পাৰিব।
