টাটাই প্ৰদৰ্শন কৰিছে নিজৰ অভিনৱ বাহনসমূহ আৰু ইয়াৰ সমাধান

728

ভাৰতৰ আগশাৰীৰ অটোমোবাইল আৰু মবিলিটী প্ৰতিষ্ঠান টাটা মটৰ্ছে ভাৰত মবিলিটী গ্ল’বেল এক্সপ’ ২০২৪ত নিজৰ ‘ফিউচাৰ অৱ মবিলিটী’ পৰ্টফলিঅ’ প্ৰদৰ্শন কৰিছে। এই প্ৰদৰ্শনীত ১৮খন ভৱিষ্যতৰ বাবে সাজু বাণিজ্যিক, যাত্ৰীবাহী আৰু বৈদ্যুতিক বাহন প্ৰদৰ্শন কৰা হৈছে, যাৰ উদ্দেশ্য হৈছে ব্যক্তিগত গতিশীলতা, মানুহৰ গতিশীলতা আৰু কাৰ্গো পৰিবহনত বৈপ্লৱিক পৰিৱৰ্তন অনা। কোম্পানীটোৱে ‘মেড ইন ইণ্ডিয়া’ৰ প্ৰতি থকা নিজৰ আগ্ৰহক অভিযান্ত্ৰিক বিশেষজ্ঞতাৰ সৈতে সংযুক্ত কৰি গতিশীলতাৰ ভৱিষ্যৎ প্ৰদৰ্শন কৰিছে। ষ্টেণ্ড এইএছ১৪-০৪ত থকা টাটা মটৰ্ছ পেভিলিয়নত ভাৰতৰ ১০খন উন্নত, দক্ষ আৰু পৰিৱেশ-অনুকূল বাণিজ্যিক বাহনৰ লগতে ভাৰতৰ ৮খন আটাইতকৈ সেউজ, স্মাৰ্ট আৰু সা-সুবিধাযুক্ত যাত্ৰীবাহী বাহন প্ৰদৰ্শন কৰা হৈছে।

এই পেভিলিয়নত ভৱিষ্যতৰ বাবে সাজু প্ৰযুক্তিসমূহৰ ভিতৰত হাইড্ৰজেন চালিত আভ্যন্তৰীণ কম্বাষ্টন ইঞ্জিন, টুইন চিলিণ্ডাৰ চিএনজি, দক্ষ ইন্ধন বিতৰণ ব্যৱস্থা, বেটাৰী বৈদ্যুতিক পাৱাৰট্ৰেইন আৰু ফুৱেল চেল চালিত বৈদ্যুতিক হাইড্ৰজেন আদি অন্তৰ্ভুক্ত। একেদৰে স্মাৰ্ট, টেক-লোডেড বাহনসমূহৰ ভিতৰত আছে উন্নত সুৰক্ষাৰ বাবে এডিএএছ, ৰাজহুৱা পৰিবহণৰ বাবে গতিশীলতা সমাধান, গেমিং, মনোৰঞ্জন আৰু মিডিয়াৰ বাবে আৰ্কেড.ইভি এপ চ্যুট, ইংগিত-চালিত নিয়ন্ত্ৰণ আৰু ভইচ এচিষ্টেঞ্চ ইত্যাদি। ডিজিটেলভাৱে সংযোজিত বাহনবোৰৰ ভিতৰত আছে দক্ষ ফ্লীট মেনেজমেণ্টৰ বাবে ফ্লীট এজ প্লেটফৰ্ম আৰু  আৰু ব্যক্তিগত গতিশীলতাৰ বৰ্ধিত সুবিধাৰ বাবে জেডকানেক্ট আৰু আইআৰএ।

এই এক্সপত টাটা মটৰ্ছৰ বাণিজ্যিক বাহন প্ৰদৰ্শনৰ বিষয়ে নিজৰ অনুভৱ ব্যক্ত কৰি টাটা মটৰ্ছৰ কাৰ্যবাহী সঞ্চালক গিৰিশ ৱাগে কয় যে, “আমাৰ প্ৰদৰ্শন হৈছে উদ্ভাৱনীমূলক ডিজাইন, স্মাৰ্ট ইঞ্জিনিয়াৰিং আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তাবোৰ বুজাবুজিৰ মাজেৰে আমাৰ সামগ্ৰিক দৃষ্টিভংগীৰ এক প্ৰমাণ।