টাটা চল্ট পুনৰ্ব্যৱহাৰযোগ্য পেক সমগ্ৰ ভাৰতত উপলব্ধ

307

ভাৰতৰ ব্ৰেণ্ডেড আয়োডিজড নিমখ খণ্ডৰ এজন অগ্ৰগামী আৰু বজাৰ নেতা টাটা চল্টে কিছু সময় আগতে পুনৰ্ব্যৱহাৰযোগ্য পেক প্ৰৱৰ্তন কৰিছিল, য’ত পুনৰ্ব্যৱহাৰযোগ্য লোগো আছিল। এই পেকবোৰ এতিয়া মিজোৰামবজাৰত বহুলভাৱে উপলব্ধ। টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে নিৰন্তৰ ভাৱে মাল্টি লেমিনেট পেকেজিঙৰ ব্যৱহাৰ নাইকিয়া কৰাৰ লক্ষ্য লৈ আহিছে যিটো পুনৰ ব্যৱহাৰ কৰা কঠিন আৰু পৰিৱেশগত সমস্যাৰ সৃষ্টি কৰে। ই অধিক দক্ষ আৰু পৰিৱেশ অনুকূল বৃত্তাকাৰ প্লাষ্টিক অৰ্থনীতিৰ প্ৰতি ব্ৰেণ্ডৰ প্ৰতিশ্ৰুতিপ্ৰতিনিধিত্ব কৰে।

টাটা চল্ট হৈছে মিজোৰামৰ নিমখ শ্ৰেণীৰ এক বজাৰ নেতা, এই পেকেৰাজ্যৰ পুনৰ্ব্যৱহাৰযোগ্য পেকেজিঙৰ প্ৰয়োজনীয়তা পূৰণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। টাটা চল্টৰ বহনক্ষম পেকেজিং ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে আৰু সমগ্ৰ মিজোৰামৰ সকলো আগশাৰীৰ দোকানত সামগ্ৰী উপলব্ধ।

পেকেজড ফুডছ- ইণ্ডিয়া, টাটা কনজিউমাৰ প্ৰডাক্টছৰ সভাপতি দীপিকা ভানে কয়, “পুনৰ্ব্যৱহাৰযোগ্য লোগোথকা আমাৰ পেকবোৰ সম্পূৰ্ণৰূপে পুনৰ ব্যৱহাৰযোগ্য আৰু টাটা ব্ৰেণ্ডত অন্তৰ্ভুক্ত মানদণ্ড আৰু বিশ্বাসৰ একেই নিশ্চয়তাৰ সৈতে আহে।”