অসম চৰকাৰৰ সৈতে ৫০০০ মেগাৱাট শক্তিসম্পন্ন নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ টাটা পাৱাৰৰ

9

টাটা পাৱাৰে অসম চৰকাৰৰ সৈতে সৌৰ, বতাহ, জল, শক্তি সংৰক্ষণকে ধৰি ৫০০০ মেগাৱাট পৰ্যন্ত নবীকৰণযোগ্য আৰু স্বচ্ছ শক্তি প্ৰকল্পৰ উন্নয়নৰ বাবে এক উল্লেখযোগ্য বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এডভাণ্টেজ অসম ২.০ত স্বাক্ষৰিত এই চুক্তিৰ অধীনত অহা পাঁচ বছৰত ৩০,০০০ কোটি টকাৰ বিনিয়োগ কৰিব লাগিব। অসম চৰকাৰৰ প্ৰধান সচিব (শক্তি) ড০ কৃষ্ণ কুমাৰ দ্বিবেদী আৰু টাটা পাৱাৰৰ চিইঅ’ তথা এমডি ড০ প্ৰবীৰ সিনহাৰ মাজত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই বুজাবুজি চুক্তি আনুষ্ঠানিক ৰূপায়ণ কৰা হয়। অসম চৰকাৰে ২০,০০০ একৰ বোজামুক্ত ভূমি চিনাক্তকৰণৰ সুবিধা প্ৰদান কৰাৰ লগতে নিৰৱচ্ছিন্ন প্ৰকল্প নিষ্পাদনৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ সমৰ্থন সুনিশ্চিত কৰিব।
ইয়াৰ লগতে টাটা পাৱাৰৰ সহযোগী প্ৰতিষ্ঠান টাটা ৰিনিউৱেল এনাৰ্জী লিমিটেড(টিপিআৰইএল)-এ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড(এপিডিচিএল)ৰ সৈতে অংশীদাৰীত্ব কৰিছে যাতে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফট বিজলী যোজনা(পিএমএছজিৱাই)ৰ অধীনত ছাদৰ ওপৰত সৌৰ শক্তি(ৰুফটপ চলাৰ) গ্ৰহণ সম্প্ৰসাৰিত কৰিব পৰা যায়। এই পদক্ষেপসমূহে অসমৰ স্বচ্ছ শক্তিৰ ৰূপান্তৰক শক্তিশালী কৰাৰ লগতে ৩,০০০ স্থানীয় কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।
এই পদক্ষেপৰ জৰিয়তে অসমৰ শক্তি খণ্ডক সুদূৰপ্ৰসাৰী ৰূপত প্ৰভাৱিত কৰিবলৈ সাজু হৈছে। ২০২৭ চনৰ ভিতৰত অসমে ৫০০ মেগাৱাট সৌৰ ক্ষমতাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখাৰ সমান্তৰালভাৱে এই পদক্ষেপে ব্যৱসায়, উদ্যোগ আৰু চাহ বাগিচাৰ বাবে বিদ্যুতৰ উপলব্ধতা বৃদ্ধি কৰিব। গুৱাহাটীৰ বাণিজ্যিক কেন্দ্ৰসমূহতো উন্নত শক্তি দক্ষতা, বিদ্যুতৰ ব্যয় হ্ৰাস আৰু বৰ্ধিত স্থিৰতাৰ প্ৰচেষ্টাৰ ফলত লাভান্বিত হ’ব বুলি আশা কৰা হৈছে। ড০ প্ৰবীৰ সিনহাই কয় যে, টাটা পাৱাৰ প্ৰতিনিয়ত বহনক্ষম শক্তি সমাধানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে, ২০৩০ চনৰ ভিতৰত ভাৰতৰ ৫০০ গিগাৱাট নৱীকৰণযোগ্য ক্ষমতাৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি আগবাঢ়িছে।