টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটীয়ে আগবঢ়াইছে সম্পূৰ্ণৰূপে নিজৰ প্ৰথম ইভি আৰ্কিটেকচাৰ

1221

ভাৰতৰ আগশাৰীৰ ইভি নিৰ্মাতা প্ৰতিষ্ঠান টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী(টিপিইএম)য়ে মুকলি কৰিছে প্ৰথম পিয়ৰ ইভি আৰ্কিটেকচাৰ এক্টি.ইভি, যাৰ অৰ্থ হৈছে এডভান্সড কানেক্টেড টেক-ইণ্টেলিজেণ্ট ইলেক্ট্ৰিক ভেহিকেল(উন্নত সংযোজিত বুদ্ধিমান প্ৰযুক্তিসম্পন্ন বৈদ্যুতিক বাহন)। এই বাহনখনত টিপিইএম পৰ্টফলিঅ’ৰ জৰিয়তে ভৱিষ্যতৰ সামগ্ৰীসমূহৰ আধাৰ আৰু সম্ভাৱনাসমূহ কঢ়িয়াই আনিব। এই পিয়ৰ ইলেক্ট্ৰিক আৰ্কিটেকচাৰৰ অধীনত মুকলি কৰা প্ৰথমটো প্ৰডাক্ট হৈছে পাঞ্চ.ইভ, যিয়ে একাধিক বডী ষ্টাইল(গাড়ীৰ বাহ্যিক ৰূপ) আৰু আকাৰৰ বিভিন্ন প্ৰডাক্ট সৃষ্টি কৰিব।

এক্টি.ইভি আৰ্কিটেকচাৰত চাৰিটা স্তৰ থাকে: পাৱাৰট্ৰেইন, চেছিছ, বৈদ্যুতিক আৰ্কিটেকচাৰ আৰু ক্লাউড আৰ্কিটেকচাৰ। পাৱাৰট্ৰেইন লেয়াৰত এক অনুকূলিত বেটাৰী পেক ডিজাইন আছে, যিয়ে সঠিক ড্ৰাইভট্ৰেইন বিকল্প নিৰ্বাচিত কৰিবলৈ একাধিক পৰিসৰৰ বিকল্প আৰু মডুলাৰিটি প্ৰদান কৰে। চেচিছ লেয়াৰত একাধিক বডী ষ্টাইল থাকে আৰু এক সমতল মজিয়া(ফ্লৰ) আৰু ফ্ৰংকৰ সৈতে কেবিনৰ স্থান সৰ্বাধিক কৰি তোলা হৈছে।

বৈদ্যুতিক আৰ্কিটেকচাৰ লেয়াৰত ভৱিষ্যতৰ বাবে প্ৰস্তুত স্কেলেবল, উচ্চ কম্পিউটিং শক্তি আৰু এডিএএছ স্তৰ ২ ক্ষমতা প্ৰদান কৰা হৈছে। ক্লাউড আৰ্কিটেকচাৰ লেয়াৰে আৰ্কেড.ইভি, এক ইন-কাৰ এপ চ্যুট আৰু উৎকৃষ্ট মানৰ সংযোগ আৰু অভাৰ-দ্য-এয়াৰ ছফ্টৱেৰ আপডেটৰ বাবে অত্যাধুনিক সমাধানৰ সহিতে এক বৰ্ধিত উন্নত ব্যৱহাৰকাৰী অভিজ্ঞতা প্ৰদান কৰে। চীফ প্ৰডাক্টছ অফিচাৰ আনন্দ কুলকাৰ্ণীয়ে কয় যে, এই স্থাপত্যই ক্লাছ-লিডিং(শ্ৰেণীৰ আগশাৰীৰ) দক্ষতা সক্ষম কৰি তুলিবলৈ স্থান, বেটাৰীৰ ক্ষমতা সৰ্বাধিক কৰিবলৈ আৰু সামগ্ৰিক ড্ৰাইভিং অভিজ্ঞতা বৃদ্ধি কৰিবলৈ বিশেষভাৱে ডিজাইন কৰা হৈছে।