টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী লিমিটেড (টিপিইএম) আৰু শ্বেল ইণ্ডিয়া মাৰ্কেটছ প্ৰাইভেট লিমিটেডে (চিএমপিএল) ভাৰতৰ বৈদ্যুতিক বাহন (ইভি) চাৰ্জিং আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এক নন বাইণ্ডিং(অ-বাধ্যতামূলক) বুজাবুজি চুক্তিৰ জৰিয়তে আনুষ্ঠানিক ৰূপ দিয়া এই সহযোগিতা বহনক্ষম গতিশীলতাৰ দিশত ভাৰতৰ শেহতীয়া দৃশ্যপটক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।
ভাৰতীয় ৰাজপথত ১.৪ লাখৰো অধিক টাটা ইভিত শ্বেলৰ বিস্তৃত ইন্ধন ষ্টেচনৰ নেটৱৰ্ক আৰু টিপিইএমৰ গভীৰ অন্তৰ্দৃষ্টিৰ সহায়ত এই অংশীদাৰিত্বৰ জৰিয়তে সমগ্ৰ ভাৰততে কৌশলগতভাৱে অৱস্থিত স্থানত ৰাজহুৱা চাৰ্জিং ষ্টেচনৰ নেটৱৰ্ক স্থাপন কৰাৰ লক্ষ্য ৰাখিছে। এই ষ্টেচনসমূহে টাটা ইভিৰ গৰাকীসকলৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তা পূৰণ কৰিব, যাৰ ফলত নিৰ্ভৰযোগ্য চাৰ্জিং সুবিধাসমূহৰ সহজে লাভালাভ লাভ কৰাটো নিশ্চিত হ’ব।
টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী লিমিটেডৰ মুখ্য ষ্ট্ৰেটেজী অফিচাৰ বালাজি ৰাজনে ইভি চাৰ্জিং আন্তঃগাঁথনিৰ প্ৰসাৰ আৰু সম্প্ৰসাৰণত এই সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰাজনে দুয়োটা কোম্পানীৰ মাজত সমন্বয়-সহযোগিতা আৰু ভাৰতত ব্যাপক ই ভি বাহনক আঁকোৱালি লোৱাৰ অংশীদাৰী দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰিছে। শ্বেল ইণ্ডিয়া মাৰ্কেটছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক সঞ্জয় ভাৰ্কিয়ে বালাজি ৰাজনৰ সুৰতে সুৰ মিলাই অভিনৱ আৰু বহনক্ষম চাৰ্জিং সমাধান প্ৰদানৰ বাবে শ্বেলৰ দায়বদ্ধতা আৰু সমৰ্পণৰ ওপৰত আলোকপাত কৰে। ভাৰতত ইভি বাহন ব্যৱহাৰ অধিক কৰিবলৈ সুবিধাজনক পেমেণ্ট ব্যৱস্থা আৰু আনুগত্যমূলক কাৰ্যসূচী(লয়েল্টি প্ৰগ্ৰাম) মুকলি-বিস্তাৰ কৰাই হৈছে এই অংশীদাৰিত্বৰ লক্ষ্য।