টাটা মটৰ্ছৰ ইণ্ট্ৰা ভি৭০ পিকআপ, ইণ্ট্ৰা ভি২০ গোল্ড পিকআপ আৰু এছ এইচ টি+  মুকলি

557

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে প্ৰথম আৰু অন্তিম মাইল পৰিবহনত দক্ষতা বৃদ্ধি কৰিবলৈ ইণ্ট্ৰা ভি৭০, ইণ্ট্ৰা ভি২০ গোল্ড আৰু এচ এইচটি+ মুকলি কৰিছে। এই বাহনসমূহ দীঘলীয়া দূৰত্বত অধিক পেলোড কঢ়িয়াই নিব পৰাকৈ আৰু উৎকৃষ্ট অৰ্থনীতি প্ৰদান কৰিব পৰাকৈ ডিজাইন কৰা হৈছে, যাৰ ফলত ভাৰতৰ চহৰ আৰু গ্ৰাঁৱৰ বিভিন্ন প্ৰয়োগৰ বাবে উপযুক্ত হৈ পৰিছে। টাটা মটৰ্ছে প্ৰৱৰ্তন কৰিছে ইণ্ট্ৰা ভি৫০ আৰু এচ ডিজেল বাহনৰ উন্নত সংস্কৰণ, যাৰ লক্ষ্য হৈছে ইন্ধন ব্যৱহাৰ আৰু মালিকীস্বত্বৰ ব্যয় হ্ৰাস কৰা। এই নতুনসমূহৰ মুকলিয়ে বিভিন্ন ধৰণৰ ক্ষুদ্ৰ বাণিজ্যিক বাহন আৰু পিকআপৰ বিস্তৃত পৰিসৰ প্ৰদান কৰে, যাৰ ফলত গ্ৰাহকসকলে নিজৰ প্ৰয়োজনীয়তাৰ বাবে আটাইতকৈ উপযুক্ত বাহনখন বাছনি কৰিব পাৰে। এতিয়া টাটা মটৰ্ছৰ সকলো চিভি ডিলাৰশ্বিপতে বুকিং উপলব্ধ।

গ্ৰাহকসকলক নিৰ্ভৰযোগ্য বাহন, মূল্য-সংযোজন সেৱা আৰু বিভিন্ন ধৰণৰ লাভালাভ প্ৰদান কৰে টাটা মটৰ্ছে, যাৰ ভিতৰত আছে ভাৰতৰ সৰ্ববৃহৎ সেৱা নেটৱৰ্ক, ফ্লীট এজ টেলিমেটিক্স চিষ্টেম, বাৰ্ষিক তত্বাৱধান চুক্তি, অতিৰিক্ত উপলব্ধতা আৰু সম্পূৰ্ণসেৱা ২.০ কাৰ্যসূচী।

এই বিষয়ে টাটা মটৰ্ছৰ কাৰ্যবাহী সঞ্চালক গিৰীশ ৱাঘে কয় যে, “প্ৰতিখন বাহনক শক্তিশালী আৰু নিৰ্ভৰযোগ্য কাৰ্গো পৰিবহণ সমাধান প্ৰদান কৰাৰ লগতে ব্যক্তিগত গ্ৰাহকৰ লগতে গাড়ীৰ মালিকসকলক অধিক বাণিজ্যিক লাভালাভৰ আশ্বাস দিয়াৰ বাবে প্ৰস্তুত কৰা হৈছে, লগতে সগৌৰৱে ভাৰতৰ বৰ্ধিত অৰ্থনীতিৰ সকলো প্ৰয়োজনীয়তা পূৰণ কৰিছে।”