টাটা মটৰ্ছে ওড়িশা চৰকাৰক যোগান ধৰিছে ১৮১খন উইংগাৰ ভেটেৰিনেৰী ভান

268

টাটা মটৰ্ছে ওড়িশা চৰকাৰক ১৮১ খন উইংগাৰ পশু চিকিৎসা ভান প্ৰদান কৰিছে। যিসমূহ বাহন ভাৰতীয় নিৰ্মাতা প্ৰতিষ্ঠানৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই বাহনসমূহ ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিছে। ওড়িশাৰ পশুপালন আৰু পশু চিকিৎসা সেৱা সঞ্চালকালয়ে সম্পূৰ্ণ নিৰ্মিত টাটা উইংগাৰ পশু চিকিৎসা ভান যোগানৰ বাবে টাটা মটৰ্ছক শীৰ্ষ নিবিদাকাৰী হিচাপে বাছনি কৰিছে, যাক চৰকাৰী ই-মাৰ্কেটপ্লেচৰ জৰিয়তে কৰা এক ই-বিডিং প্ৰক্ৰিয়াৰ পিছত অত্যাধুনিক বাহন হিচাপে ব্যৱহাৰ কৰা হ’ব।

২.২-লিটাৰৰ ডিক’ৰ ইঞ্জিনেৰে চালিত টাটা উইংগাৰে ইকো চুইটছ আৰু গিয়েৰ শ্বিফ্ট এডভাইজাৰৰ দৰে বৈশিষ্ট্যৰ দ্বাৰা উন্নত টৰ্ক আৰু ইন্ধন অৰ্থনীতিক নতুন মাত্ৰা প্ৰদান কৰিছে। উইংগাৰৰ সৰ্বশ্ৰেষ্ঠ গ্ৰেড-ক্ষমতা  ২৫.৮%ই ঠেক ঢাল(ইনক্লাইন) আৰু ফ্লাইঅভাৰৰ ওপৰতো সহজে পৰিচালনা কৰাত সহায় কৰে। ইয়াৰ লগতে এণ্টি-ৰোল বাৰ আৰু হাইড্ৰলিক শ্বক এবজৰ্বাৰৰ সৈতে উইংগাৰৰ স্বতন্ত্ৰ ফ্ৰণ্ট ছাচপেনচনে এক মসৃণ যাত্ৰা নিশ্চিত কৰে।

আনহাতে, ইয়াৰ মনোকক বডী ডিজাইনেও গাড়ীৰ দৰে ড্ৰাইভিং গতিশীলতা আৰু কম মাত্ৰাৰ শব্দ, কম্পন তথা কঠোৰতা বা হাৰ্শ্বনেছ(এনভিএইচ)ৰ নিশ্চয়তা দিয়ে। এই উপলক্ষে মন্তব্য কৰি টাটা মটৰ্ছৰ চিভি পেচেঞ্জাৰৰ ব্যৱসায়িক মুৰব্বী ৰোহিত শ্ৰীবাস্তৱে কয় যে, “সমগ্ৰ ওড়িশাত দক্ষ কাৰ্যকলাপ নিশ্চিত কৰাৰ বাবে এই অভিনৱ ভানসমূহ অতি নিখুঁতভাৱে প্ৰস্তুত কৰা হৈছে।”