ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে নিজৰ সমৰ্পিত সংযোজিত বাহন প্লেটফৰ্ম ফ্লীট এজৰ সৈতে ৫ লাখ বাণিজ্যিক বাহন সংযোগ কৰাৰ কথা ঘোষণা কৰিছে। বিশেষভাৱে দক্ষ ফ্লীট মেনেজমেণ্টৰ বাবে ডিজাইন কৰা এই ফ্লিট এজে বাহনৰ আপটাইম বৃদ্ধি আৰু পথ সুৰক্ষা উন্নত কৰাৰ বাবে স্মাৰ্ট প্ৰযুক্তি ব্যৱহাৰ কৰে। এই প্লেটফৰ্মে বাহনৰ স্থিতি, অৱস্থা, অৱস্থান আৰু চালকৰ আচৰণৰ ওপৰত বাস্তৱ সময়ৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে, যাৰ ফলত মালিক আৰু বাহনৰ পৰিচালকসকলে কাৰ্যকৰী দক্ষতা, লজিষ্টিক খৰচ হ্ৰাস আৰু লাভ বৃদ্ধি কৰিবলৈ এক সঠিক সিদ্ধান্ত ল’ব পাৰে।
ফ্লীট এজ হৈছে এক ব্যৱহাৰকাৰী-অনুকূল আন্তঃপৃষ্ঠ, যিয়ে বাহনৰ স্বাস্থ্য নিৰীক্ষণ কৰাৰ লগতে সময় বৃদ্ধি কৰে আৰু মেইনটেনেঞ্চ এলাৰ্ট প্ৰদান কৰে। ই ইন্ধন সঞ্চয় কৌশলৰ পৰামৰ্শ প্ৰদানৰ বাবে ড্ৰাইভিং পেটাৰ্ণ বিশ্লেষণ কৰে আৰু ড্ৰাইভিং আচৰণ অনুসৰণ কৰে, লগতে গাড়ীৰ মেইনটেনেঞ্চৰ বাবে এক বিস্তৃত সমাধান প্ৰদান কৰে। টাটা মটৰ্ছে সকলো বাণিজ্যিক ইভি, ট্ৰাক আৰু বাছত ফ্লীট এজ, ৪জি চিম এম্বেডেড চিষ্টেমেৰে সজ্জিত কৰিছে। টিচিইউ হৈছে এআইএছ ১৪০ কমপ্লায়েণ্ট আৰু ইয়াত নিৰাপদ আৰু সুৰক্ষা কাৰ্যৰ বিভিন্ন সুবিধাও প্ৰদান কৰা হৈছে।
এই ধৰণৰ প্ৰথমটো মাইলৰ খুঁটিত উপনীত হোৱাৰ ক্ষণত নিজৰ অনুভৱ ব্যক্ত কৰি টাটা মটৰ্ছৰ বাণিজ্যিক বাহনৰ ডিজিটেল ব্যৱসায়ৰ মুৰব্বী ভাৰত ভূষণে কয় যে, “আমাৰ লাখ লাখ গ্ৰাহকে ইয়াক ব্যৱহাৰ কৰি যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু কাৰ্যকৰী দক্ষতা বৃদ্ধি আৰু ট্ৰাকৰ মালিকীস্বত্বৰ কম মুঠ খৰচৰ বাবে লাভান্বিত হৈছে। প্ৰকৃত অংশীদাৰ হিচাপে আমি আমাৰ গ্ৰাহকসকলৰ সৈতে ব্যৱসায় অধিক সফল কৰি তোলাৰ বাবে ঘনিষ্ঠভাৱে কাম কৰি আছো।”