টাটা মটৰ্ছে এক্সকন ২০২৩ত সুৰক্ষিত, স্মাৰ্ট আৰু সেউজ গতিশীলতা সমাধানৰ এক বৈচিত্ৰ্যময় বিন্যাস প্ৰদৰ্শন 

356

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে এক্সকন ২০২৩ – দক্ষিণ এছিয়াৰ  প্ৰিমিয়াৰ নিৰ্মাণ সঁজুলি প্ৰদৰ্শনীত ভৱিষ্যতৰ প্ৰস্তুত গতিশীলতা সমাধানৰ অভিনৱ আৰু উন্নত পৰিসৰ মুকলি কৰিছে। ‘মুভিং ইণ্ডিয়া ফৰৱাৰ্ড’ বিষয়বস্তুক আঁকোৱালি লৈ প্ৰতিষ্ঠানটোৱে উদ্ভাৱন, বহনক্ষমতা আৰু উৎকৰ্ষতাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি কঢ়িয়াই আনিছে আৰু সগৌৰৱেৰে দেশবাসীলৈ সেৱা আগবঢ়াইছে। টাটা মটৰ্ছে নিৰ্মাণ আৰু আন্তঃগাঁথনি খণ্ডৰ সৈতে সম্পূৰ্ণৰূপে খাপ খোৱাকৈ প্ৰস্তুত কৰা নিজৰ ট্ৰাক আৰু টিপাৰবোৰ আৰু সেউজ ইন্ধনৰ দ্বাৰা চালিত বাহন লিকুইড নেচাৰেল গেছ (এলএনজি) আৰু বেটাৰী বৈদ্যুতিক প্ৰদৰ্শন কৰে।

 ই নিজৰ বিভিন্ন সামগ্ৰী মুকলি কৰিছে, যাৰ ভিতৰত আছে ঔদ্যোগিক সঁজুলি, এক্সেল আৰু জেনছেটৰ বাবে ডিজাইন কৰা ইঞ্জিন ইত্যাদি। টাটা মটৰ্ছে ভাৰতৰ প্ৰথম এলএনজি চালিত টিপাৰ ৫৫২৮.এছএলএনজি আৰু ৩৫২৮.কেএলএনজিকে ধৰি এলএনজি চালিত টাটা প্ৰাইমা ৰেঞ্জৰ ট্ৰাক আৰু টিপাৰ মুকলি কৰিছে। কোম্পানীটোৱে জিৰো-এমিছন প্ৰযুক্তি সমাধানৰ সৈতে সংগতি ৰাখি টাটা প্ৰাইমা ই.২৮কে নামৰ কনচেপ্ট ইলেক্ট্ৰিক টিপাৰটোও প্ৰদৰ্শন কৰিছে।

এই বাহনসমূহে উদ্যোগটোৰ স্বচ্ছ শক্তিৰ উৎসৰ দিশত স্থানান্তৰিত হোৱাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সাফল্য প্ৰদৰ্শন কৰিছে, যিয়ে ২০৪৫ চনৰ ভিতৰত নেট-জিৰ’ গ্ৰীন হাউছ গেছ নিৰ্গমন লাভৰ টাটা মটৰ্ছৰ লক্ষ্যক পুনৰ সুদৃঢ় কৰিছে। টাটা মটৰ্ছৰ এক্সকন ২০২৩ পেভিলিয়ন মুকলি কৰি টাটা মটৰ্ছৰ ট্ৰাকৰ উপাধ্যক্ষ তথা ব্যৱসায়িক মুৰব্বী ৰাজেশ কৌলে কয় যে, “আমাৰ পেভিলিয়নত প্ৰদৰ্শিত প্ৰাইমা আৰু চিগনাৰ নতুন ভিএক্স ভেৰিয়েণ্টে সুৰক্ষা, উৎপাদনশীলতা আৰু চালকৰ আৰামৰ বাবে এই উদ্যোগত নতুন দৃষ্টান্ত স্থাপন কৰিছে।”