টাটা মটৰ্ছৰ জুলাইত মুঠ ৮১,৭৯০ গাড়ী বিক্ৰী পঞ্জীয়ন

522

টাটা মটৰ্ছ লিমিটেডে ২০২২ৰ জুলাইত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী কৰা বাহনৰ সংখ্যা আছিল ৮১,৭৯০ খন। ইয়াৰ বিপৰীতে ২০২১ৰ জুলাইত আছিল ৫৪,১১৯খন বাহন। বিক্ৰী প্ৰদৰ্শনে দেখুৱায় যে যোৱা বছৰৰ তুলনাত মুঠ বিক্ৰী ৫১% বৃদ্ধি পাইছে।

২০২২ৰ জুলাইত মুঠ ঘৰুৱা বিক্ৰী প্ৰদৰ্শন আছিল ৭৮,৯৭৮খন বাহন। ইয়াৰ বিপৰীতে ২০২১ৰ জুলাইত বাহন বিক্ৰীৰ সংখ্যা আছিল ৫১,৯৮১। ২০২২ৰ জুলাইত বাণিজ্যিক বাহনৰ মুঠ ঘৰুৱা বিক্ৰীৰ প্ৰদৰ্শন আছিল ৩৪,১৫৪খন। ইয়াৰ বিপৰীতে ২০২১ৰ  জুলাইত বিক্ৰীৰ সংখ্যা আছিল ২৩,৮৪৮খন। ২০২২ৰ জুলাইত এমএইচ এণ্ড আইচিভি (MH&ICV)-ৰ  ট্ৰাক আৰু বাছৰ

ঘৰুৱা বিক্ৰীৰ সংখ্যা আছিল ১২,০১২খন। যি ২০২১ৰ জুলাইত ইয়াৰ সংখ্যা আছিল ৭,৮১৩খন। ২০২২ৰ জুলাইত এমএইচ এণ্ড আইচিভি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ বাবে মুঠ ট্ৰাক আৰু বাছৰ বিক্ৰীৰ সংখ্যা আছিল ১২,৯৭৪খন। যি ২০২১ৰ জুলাইত ইয়াৰ সংখ্যা আছিল ৮,৭৪৯খন। ২০২২ৰ জুলাইত যাত্ৰীবাহী বাহনৰ মুঠ ঘৰুৱা বিক্ৰীৰ সংখ্যা আছিল ৪৭,৫০৫ খন। যি ২০২১ৰ জুলাই মাহত যাত্ৰীবাহী বাহনৰ মুঠ ঘৰুৱা বিক্ৰী আছিল ৩০,১৮৫ খন।