স্বয়ংচালিত উদ্যোগখণ্ডৰ বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান টাটা মটৰ্ছে ২০১৯ৰ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ জলবায়ু কাৰ্যকৰী সন্মিলনত ছুইডেন আৰু ভাৰত চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা এক গোলকীয় সহযোগিতা লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰেঞ্জিচন(লীডআইটি)ৰ সৈতে অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এই পদক্ষেপৰ ফলত লীডআইটিৰ সদস্য হিচাপে টাটা মটৰ্ছে সমগ্ৰ বিশ্বতে সৰ্বশ্ৰেষ্ঠ পদ্ধতিৰ শক্তি ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব, লগতে নীতি নিৰ্ধাৰণত প্ৰভাৱ পেলাব পাৰিব আৰু আন সদস্যসকলৰ সৈতে নিজৰ জলবায়ু কাৰ্যকৰী পৰিকল্পনা শক্তিশালী কৰিব পাৰিব, যাৰ ফলত নেট-জিৰো এমিছন(শূন্য কাৰ্বন নিৰ্গমন)ৰ দিশত নিজৰ ৰূপান্তৰ ত্বৰান্বিত হ’ব।
উল্লেখ্য যে, টাটা মটৰ্ছে নবীকৰণযোগ্য শক্তি, বহনক্ষমতা, শূন্য নিৰ্গমন সামগ্ৰী আৰু বৃত্তাকাৰ অৰ্থনীতি ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিজৰ ব্যৱসায়ক ভৱিষ্যতৰ দিনলৈ ৰূপান্তৰিত কৰিছে। কোম্পানীটোৱে ১০৯ মেগাৱাট নবীকৰণযোগ্য শক্তি ক্ষমতা স্থাপন কৰিছে আৰু আৰই১০০ কোম্পানী হ’বলৈ তিনি বছৰত ৩০০ মেগাৱাট যোগ কৰাৰ পৰিকল্পনা কৰিছে। যোৱা ৩ বছৰত টাটা মটৰ্ছে নিজৰ পৰিসৰ ১+২ নিৰ্গমনৰ তীব্ৰতা ৪৪% হ্ৰাস কৰিছে আৰু বৈদ্যুতিক আৰু শূন্য-নিৰ্গমন বাহন যুগৰ পথ প্ৰদৰ্শন কৰি আহিছে।
এই বিষয়ে ছুইডেনৰ জলবায়ু আৰু পৰিৱেশ মন্ত্ৰী তথা লিডআইটিৰ সহ-অধ্যক্ষ ৰোমিনা পৌৰমোখতাৰিয়ে কয় যে, “উদ্যোগটোৱে ইয়াত চুইডেনত সেউজীয়া ঔদ্যোগিক পৰিৱৰ্তনক আগুৱাই লৈ গৈছে আৰু আমি বিশ্বজুৰি পৰিৱৰ্তনক অনুপ্ৰাণিত কৰিবলৈ আশা কৰিছোঁ। মই টাটা মটৰ্ছক আমাৰ আগশাৰীৰ অংশীদাৰৰ গোটত দেখা পাবলৈ বাট চাই আছোঁ।”