ভাৰতৰ সৰ্ববৃহৎ অটোমোটিভ নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে কেন্দ্ৰীয় পুলিচ কল্যাণ ভাণ্ডাৰ (কেপিকেবি)ৰ সৈতে সহযোগিতা কৰি অৰ্ধসামৰিক বাহিনী, ৰাজ্যিক আৰক্ষী জোৱান আৰু তেওঁলোকৰ পৰিয়ালসমূহক বৈদ্যুতিক বাহন যোগান ধৰা প্ৰথমটো ইভি নিৰ্মাতা প্ৰতিষ্ঠান হিচাপে গৌৰৱ অনুভৱ কৰিছে। এই অংশীদাৰিত্বৰ জৰিয়তে টাটা মটৰ্ছৰ টিয়াগো.ইভি, টিগ’ৰ ইভি আৰু নেক্সন ইভি প্ৰাইম আৰু মেক্স বাহন আৰক্ষী-সেনা জোৱান তথা পৰিয়ালৰ অধীনৰ হিতাধিকাৰীসকলক বিশেষ হাৰত প্ৰদান কৰিব।
২০০৬ চনত কেন্দ্ৰীয় পুলিচ কল্যাণ ভাণ্ডাৰ (কেপিকেবি) প্ৰতিষ্ঠা কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে, যাতে বিভিন্ন শক্তি বা বাহিনীৰ সেৱা আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ কল্যাণ সাধণ কৰিব পৰা যায়। ইয়াৰ অধীনত যেনে আৰপিএফ, আইবি, এছপিজি, এনচিআৰবি, এনআইএ, আইটিবিপি, চিআৰপিএফ, এছএছবি, বিএছএফ, অসম ৰাইফলছ আৰু সকলো ৰাজ্যিক আৰক্ষী জোৱান-কৰ্মচাৰীসকলৰ বাবে কল্যাণৰ ব্যৱস্থা কৰা ইত্যাদি। কেপিকেবিত বৰ্তমান বিতৰণ কেন্দ্ৰ হিচাপে ১১৯টা মাষ্টাৰ কেণ্টিন আৰু সৈন্য আৰু পৰিয়ালক সামগ্ৰী বিক্ৰী কৰা ১৮০০+ সহায়ক কেণ্টিন আছে। কেপিকেবিৰ লক্ষ্য হৈছে এই কৰ্মচাৰীসকলৰ কল্যাণ উন্নত কৰা আৰু সুৰক্ষা তথা মংগল সুনিশ্চিত কৰা।
গাড়ী ক্ৰয়ৰ বিকল্প আৰু অফাৰৰ বিষয়ে অধিক জানিবলৈ সমীপৰ ডীলাৰ অথবা চাব পাৰে আমাৰ ৱেবচাইট https://ev.tatamotors.com/.
