টাটা মটৰ্ছে মুকলি কৰে টিগৰ এক্সএম

417

ভাৰতৰ আগশাৰীৰ অট’ম’টিভ ব্ৰেণ্ড টাটা মটৰ্ছে বজাৰত মুকলি কৰিছে টিগৰ এক্সএম (Tigor XM) আইচিএনজি ভেৰিয়েণ্ট। যাৰ মূল্য ৭,৩৯,৯০০ টকা (এক্স-শ্ব’ৰুম মূল্য, দিল্লী)। কোম্পানীৰ আইচিএনজি প্ৰযুক্তিৰ ৪ টা স্তম্ভৰ ওপৰত আধাৰিত কৰি (‘অবিশ্বাস্য’ প্ৰদৰ্শন, ‘আইকনিক’ সুৰক্ষা, ‘বুদ্ধিমান’ প্ৰযুক্তি আৰু ‘চিত্তাকৰ্ষক’ সুবিধা) এই নতুন প্ৰকাৰটো মুকলি কৰা হৈছে, য’ত ৪ টা স্পীকাৰ চিষ্টেম, পাৱাৰ উইণ্ডো, চেণ্ট্ৰেল লকিং, লকিংৰ সৈতে হৰমনটিএম ইনফোটেইনমেণ্ট চিষ্টেমৰ লগতে পিছফালৰ পাৰ্কিং চেন্সৰৰ দৰে বহুতো সুৰক্ষাৰ সুবিধা আগবঢ়োৱা হৈছে।

টিগৰ হৈছে ভাৰতৰ একমাত্ৰ চেডান, যি পেট্ৰ’ল, বৈদ্যুতিক আৰু চিএনজি বিকল্পত উপলব্ধ, মেনুৱেল আৰু স্বয়ংক্ৰিয় ট্ৰেন্সমিচন দুয়োটাতে গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰে। মুকলি সন্দৰ্ভত মন্তব্য কৰি টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেডৰ বিক্ৰী, বিপণন আৰু গ্ৰাহক সেৱাৰ উপাধ্যক্ষ শ্ৰীযুত ৰাজন আম্বাই কয়, “নতুন টিগৰ এক্সএম আইচিএনজিয়ে আমাক নতুন গ্ৰাহকক সহায় কৰিব, যিসকলে প্ৰৱেশ স্তৰৰ ট্ৰিম (trim)ৰ সৈতে আমাৰ আইচিএনজি প্ৰযুক্তিৰ অভিজ্ঞতা ল’ব বিচাৰিছে।

 মই নিশ্চিত যে এই সংযোজনে এই খণ্ড আৰু চিএনজি স্থানত আমাৰ বিকাশক আৰু অধিক শক্তিশালী কৰিব।” তদুপৰি, নতুন টিগৰ এক্সএম আইচিএনজি ভেৰিয়েণ্টটো Opal White, Daytona Grey, Arizona Blue, and Deep Red color বিকল্পত উপলব্ধ হ’ব।