প্ৰথমবাৰলৈ ভাৰতত টাটা মটৰ্ছে আৰম্ভ কৰিছে টিয়াগো আৰু টিগৰ আইচিএনজি এএমটিৰ বাবে বুকিং 

286

দেশৰ আগশাৰীৰ অটোমোটিভ নিৰ্মাতা টাটা মটৰ্ছে চিএনজি গাড়ীসমূহত এএমটি প্ৰৱৰ্তন কৰি উদ্যোগলৈ আনিছে এক যুগান্তকাৰী পৰিৱৰ্তন। কোম্পানীটোৱে টিয়াগো আৰু টিগৰৰ আইচিএনজি এএমটিৰ বাবে আৰম্ভ কৰিছে বুকিং। চিএনজি গাড়ীত অতি প্ৰয়োজনীয় বুটৰ স্থান মুক্ত কৰিবলৈ টুইন চিলিণ্ডাৰ চিএনজি প্ৰযুক্তি অন্তৰ্ভুক্ত কৰি টাটা মটৰ্ছে চিএনজি বাহনত অটোমেটিক ট্ৰেন্সমিছনৰ প্ৰৱৰ্তনৰ জৰিয়তে এক নতুন ট্ৰেণ্ড আগবঢ়াইছে।

গ্ৰাহকৰ বাবে গাড়ীসমূহত এক সৰ্বোত্তম লেনদেন, উচ্চমানৰ চিএনজি অৰ্থনীতি, স্বয়ংক্ৰিয় সুবিধা, সুৰক্ষা নিশ্চয়তা আৰু শীৰ্ষ-মানদণ্ডৰ আৰাম আৰু সুবিধা বৈশিষ্ট্য প্ৰদান কৰিছে। গ্ৰাহকসকলে এতিয়া টাটা মটৰ্ছৰ নিকটতম অনুমোদিত ডিলাৰশ্বিপলৈ গৈ অথবা অনলাইনত ২১,০০০ টকাতে নিজৰ পছন্দৰ গাড়ীখন বুকিং কৰিব পাৰিব। টিয়াগো আইচিএনজি এএমটি তিনিটা ভেৰিয়েণ্টত উপলব্ধ হ’ব: এক্সটিএ চিএনজি, এক্সজেএ+ চিএনজি আৰু এক্সজেএ এনআৰজি। আনহাতে টিগৰ আইচিএনজি এএমটি দুটা ভেৰিয়েণ্টত উপলব্ধ হ’ব – এক্সজেএ চিএনজি আৰু এক্সজেএ+ চিএনজি।

টাটা মটৰ্ছৰ টিয়াগো আৰু টিগৰ মুকলিৰ আৰম্ভণিৰ পৰা উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে, প্ৰতিষ্ঠানটোৱে অহৰহ নতুন ডিজাইন দৰ্শন প্ৰদৰ্শন কৰি আগিছে আৰু ভৱিষ্যতৰ মডেলবোৰৰ বাবে পথ প্ৰশস্ত কৰিছে। মাল্টি-পাৱাৰট্ৰেইন বিকল্প, সুৰক্ষা সুবিধা আৰু উন্নত প্ৰযুক্তি একত্ৰিকৰণৰ বাবে এই বাহনবোৰে যুৱ গ্ৰাহকসকলৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে।