টাটা মটৰ্ছৰ সহযোগী প্ৰতিষ্ঠান তথা ভাৰতৰ ইভি বিপ্লৱৰ পথ প্ৰদৰ্শক টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটিয়ে অল-নিউ নেক্সন.ইভি মুকলি কৰিলে। ভাৰতৰ সৰ্বাধিক বিক্ৰী হোৱা বৈদ্যুতিক বাহন নেক্সন.ইভি হৈছে ভাৰতীয় অটো উদ্যোগত ইয়াৰ সাহসী ডিজিটেল ডিজাইন ভাষা, ভৱিষ্যতৰ ড্ৰাইভ অভিজ্ঞতা আৰু স্বজ্ঞাত বৈশিষ্ট্যৰ সৈতে এক গেম চেঞ্জাৰ। টাটা.ইভিৰ বহনক্ষমতা, সম্প্ৰদায় আৰু প্ৰযুক্তিৰ মূল্যবোধৰ ওপৰত ভিত্তি কৰি নিৰ্মিত, ই তিনিটা ব্যক্তিত্বত উপলব্ধ: শক্তিশালী, নিৰ্ভীক আৰু সৃষ্টিশীল, যি নিজৰ দৰ্শকৰ ব্যক্তিত্ব আৰু জীৱনশৈলীক প্ৰতিনিধিত্ব কৰে। ইয়াৰ পৰিচয়মূলক আৰম্ভণি মূল্য ১৪.৭৪ লাখ টকা, যি সমগ্ৰ ভাৰতৰ কৰ্তৃত্বপ্ৰাপ্ত ডিলাৰশ্বিপত উপলব্ধ।
নেক্সন.ইভি হৈছে এক চিকচিকিয়া ডিজাইন, স্মাৰ্ট ডিজিটেল লাইট আৰু চিনেমাৰ দৰে ভিজুৱেলৰ সুবিধাবিশিষ্ট এখন বৈদ্যুতিক গাড়ী। বাহনখনত ৩১.২৪ চে.মি.ৰ এইচডি টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট, হাৰমানৰ অডিঅ’ৱৰ্ক্স, ৯টা জেবিএল স্পীকাৰ, আৰু চাৰ্জিঙৰ বাবে আৰ্কেড.ইভি এপ ষ্ট’ৰ আছে। ৪৬৫ কিলোমিটাৰ ৰেঞ্জৰ সৈতে ই ডিজিটেল ড্ৰাইভিং অভিজ্ঞতা প্ৰদান কৰে।
টিপিইএমৰ ৩-পৰ্যায়ৰ কৌশলেৰে ৪ চকীয়া ইভি ছেগমেণ্টত আধিপত্য বিস্তাৰ কৰিছে। নতুন নেক্সন.ইভি মুকলি কৰি টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটিৰ পৰিচালন সঞ্চালক শৈলেশ চন্দ্ৰই কয় যে, “এই মুকলিৰ জৰিয়তে আমিও এক নতুন যুগলৈ পৰিৱৰ্তিত হৈছো, যি অধিক সাহসী আৰু উদ্ভাৱনীমূলক হ’ব। আমি পৰিৱৰ্তনৰ নেতৃত্ব দিবলৈ আৰু গতিশীলতাৰ ভৱিষ্যতক বৈদ্যুতিক আৰু বহনক্ষম কাইলৈৰ দিশত গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ।”
