চিএনজি বজাৰলৈ বিপ্লৱ অনাৰ বাবে আইচিএনজি পৰ্টফলিঅ’ মুকলি কৰিছে টাটা মটৰ্ছে

571

টুইন চিলিণ্ডাৰ প্ৰযুক্তিৰ সফলতাৰ ওপৰত আৰোহণ কৰি ভাৰতৰ অগ্ৰণী অটোমোবাইল নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে নিজৰ চিএনজি লাইন আপ উন্নীত টিয়াগো আৰু টিগ’ৰ আইচিএনজিৰ সৈতে সতেজ(ৰিফ্ৰেছিং) কৰাই নহয়, লগতে এই বৈপ্লৱিক প্ৰযুক্তিৰ সৈতে সম্পূৰ্ণ নতুন পাঞ্চ আইচিএনজি মুকলি কৰি আনন্দ কঢ়িয়াই আনিছে।

চলিত বৰ্ষৰ মে’ মাহত আলট্ৰ’জ আইচিএনজিৰ সৈতে আত্মপ্ৰকাশ কৰা টুইন চিলিণ্ডাৰ প্ৰযুক্তিয়ে এই ছেগমেণ্টত সৃষ্টি কৰা সুবিধাৰ বাবে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে – চিএনজি বাহনসমূহে গ্ৰাহকসকলক আপোচবিহীন বুট স্পেছ প্ৰদান কৰি শ্ৰেষ্ঠ-শ্ৰেণীৰ সুবিধা আৰু এক উৎকৃষ্ট ড্ৰাইভ অভিজ্ঞতা প্ৰদান কৰিবলৈ সক্ষম কৰিছে। এই পাঞ্চ আইচিএনজি হৈছে উন্নত সুৰক্ষা সুবিধাযুক্ত চিএনজি বাহন, যাক আলফা আৰ্কিটেকচাৰ প্লেটফৰ্মত নিৰ্মাণ কৰা হৈছে। ইয়াত ফাইভ-ষ্টাৰ গ্ল’বেল এনচিএপি এডাল্ট চেফটি ৰেটিং, অতি উচ্চ শক্তিৰ ষ্টীল আৰু ৬ পইণ্টৰ চিএনজি টেংক মাউণ্টিং চিষ্টেম আছে।

ইয়াৰ লগতে ভইচ এচিষ্টেড ইলেক্ট্ৰিক ছানৰুফ, ফ্ৰণ্ট ছিট আৰ্মৰেষ্ট, ইউএছবি চি টাইপ চাৰ্জাৰ আৰু শ্বাৰ্ক ফিন এণ্টেনাও অন্তৰ্ভুক্ত কৰা হৈছে। শক্তিশালী ১.২ এল ৰেভট্ৰন ইঞ্জিনে ৭৩.৪ পিএছ আৰু ১০৩ এনএম টৰ্ক প্ৰদান কৰে। এইবিষয়ে টাটা মটৰ্ছৰ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেডৰ বিপণন মুৰব্বী বিনয় পণ্টে কয় যে, “মই নিশ্চিত যে এই পৰিচয় বা সুবিধাসমূহ একেলগে প্ৰদান কৰাটোৱে আমাৰ চিএনজি লাইন আপক অধিক আকৰ্ষণীয়, সামগ্ৰিক আৰু পূৰ্বতকৈও শক্তিশালী কৰি তুলিব।”