টাটা মটৰ্ছে বেংগালুৰুৰ নগৰীয়া যাতায়ত ব্যৱস্থালৈ আগবঢ়াইছে ১০০খন ষ্টাৰবাছ ইভি

1128

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে বেংগালুৰু মেট্ৰ’পলিটান ট্ৰেন্সপ’ৰ্ট কৰ্প’ৰেচন(বিএমটিচি)লৈ প্ৰযুক্তিগতভাৱে উন্নত ষ্টাৰবাছ ইভি ডেলিভাৰীৰ জৰিয়তে বেংগালুৰুৰ বিদ্যুৎচালিত ৰাজহুৱা পৰিবহণ ব্যৱস্থা ত্বৰান্বিত কৰিছে। টাটা মটৰ্ছৰ সহযোগী প্ৰতিষ্ঠান টিএমএল স্মাৰ্ট চিটি মবিলিটী চল্যুছনচ লিমিটেড আৰু বিএমটিচিৰ মাজত হোৱা চুক্তি বৃহত্তৰ অৰ্ডাৰৰ অংশ হিচাপে এইটোৱে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে, য’ত ১২ বছৰৰ ভিতৰত ৯২১খন অত্যাধুনিক ১২ মিটাৰ নিম্ন-মহলা বৈদ্যুতিক বাছ(ল-ফ্ল’ৰ ইলেক্ট্ৰিক বাছ)ৰ যোগান, পৰিচালনা আৰু তত্বাৱধানৰ ব্যৱস্থা কৰা হয়।

টাটা মটৰ্ছৰ স্মাৰ্ট ইলেক্ট্ৰিক বাছখন উদ্বোধন কৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই। মুখ্যমন্ত্ৰীৰ সৈতে এই অনুষ্ঠানত কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, পৰিবহণ আৰু মুজাৰাই বিভাগৰ মন্ত্ৰী তথা বিএমটিচিৰ অধ্যক্ষ ৰামালিংগা ৰেড্ডী, শিৱাজীনগৰ বিধান সভা সমষ্টিৰ বিধায়ক ৰিজৱান আৰ্ছাদ,  বিএমটিচিৰ সঞ্চালক (এছ এণ্ড ভি) আইপিএছ কালা কৃষ্ণস্বামী আৰু বিএমটিচিৰ পৰিচালন সঞ্চালক আইএএছ জি সত্যৱতীও উপস্থিত থাকে।

ভাৰতৰ থলুৱা উদ্ভাৱন টাটা ষ্টাৰবাছ ইভি এতিয়া বিএমটিচিৰ বাহনসমূহৰ অন্যতম অংশ, যিয়ে এক বহনক্ষম আৰু আৰামদায়ক যাতায়তৰ অভিজ্ঞতা প্ৰদান কৰে। উন্নত বেটাৰী ব্যৱস্থাৰে চালিত এই শূন্য-নিৰ্গমন(জিৰো এমিছন) বাছসমূহ মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পদক্ষেপৰ সৈতে সংগতি ৰাখে। এই বিষয়ে বিএমটিচিৰ পৰিচালন সঞ্চালক আইএএছ জি সত্যৱতীয়ে কয় যে, “এই বাছসমূহে কেৱল পৰিৱেশ-অনুকূল পৰিবহণৰ দিশত অৰিহণা যোগোৱাই নহয়, লগতে চহৰখনত শব্দহীন(নইজ-ফ্ৰী) আৰু আৰামদায়ক গণ গতিশীলতাও প্ৰদান কৰিব।”