টাটা মটৰ্ছ গ্ৰুপে ২০২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ ফলাফল প্ৰকাশ কৰিছে। সেই অনুসৰি টাটা মটৰ্ছে ১০২.২কে কোটি (পিৱাই বনাম ৪২.১% বৃদ্ধি), ইবিআইটিডিএ ১৪.৭কে কোটি (পিৱাই বনাম ১৭৭% বৃদ্ধি), পিবিটি (বেই) ৫.৩কে কোটি ৰাজহৰ সৈতে শক্তিশালী প্ৰদৰ্শন দেখুৱাইছে (১০.৩কে কোটি বনাম পিৱাই বৃদ্ধি) আৰু অটো এফচিএফ ২.৫কে কোটি (১২.৩ কে কোটি বনাম পিৱাই বৃদ্ধি) হৈছেগৈ। কোম্পানীটোৰ জেএলআৰ ৰাজহ ৫৭.০% বৃদ্ধি পাইছে, ইবিআইটিডিএ ১৬.৩% (+৯৬০ বিপিএছ), ইবিআইটি ৮.৬% (+১৩০০ বিপিএছ)।
টাটা চিভিৰ ৰাজহ ৪.৪% বৃদ্ধি পাইছে, ইবিআইটিডিএ ৯.৪% (+৩৯০ বিপিএছ), ইবিআইটি ৬.৫% (+৩৭০ বিপিএছ)। টাটা পিভিৰ ৰাজহ ১১.১% বৃদ্ধি পাইছে, ইবিআইটিডিএ ৫.৩% (-৮০ বিপিএছ), ইবিআইটি ১.০% (+১০ বিপিএছ)। সামগ্ৰিকভাৱে পিবিটি (বেই) ১০.৩কে কোটি উন্নত হৈ ৫.৩কে কোটি হৈছেগৈ আৰু মুঠ লাভ ৩.৩কে কোটি হৈছে।আহি থকা দিনত চাহিদাৰ প্ৰতি আশাবাদী, মধ্যমীয়া মুদ্ৰাস্ফীতিৰ পৰিৱেশ আশা কৰিব পাৰি। সুস্থিৰ অৰ্ডাৰ বুকৰ বাবে জে এল আৰত নিম্ন বিৰতি(ল’ ব্ৰেক ইভেন), অবিৰত চাহিদাৰ উন্নতি, চিভি, পিভি মুকলি আৰু ইভি আক্ৰমণাত্মকতাৰ বাবে বছৰৰ বাকী সময়ছোৱাত শক্তিশালী প্ৰদৰ্শন আশা কৰিব পাৰে।
এই বিষয়ে টাটা মটৰ্ছৰ গ্ৰুপ চীফ ফাইনেন্সিয়েল অফিচাৰ পিবি বালাজীয়ে কয় যে: “বছৰটোৰ বাকী সময়ছোৱাত এই গতি বজাই ৰাখিবলৈ আৰু আমাৰ নিৰ্ধাৰিত লক্ষ্য উপনীত হ’বলৈ আমি আত্মবিশ্বাসী হৈ আছোঁ।”
