টাটা মটৰ্ছে লিকুইফাইড নেচাৰেল গেছ (এলএনজি) আৰু বেটাৰী ইলেক্ট্ৰিক প্ৰযুক্তিৰ দ্বাৰা চালিত টাটা ষ্টীলৰ পৰৱৰ্তী প্ৰজন্ম(নেক্সট জেন)ৰ পৰিৱেশ অনুকূল বাণিজ্যিক বাহন প্ৰাইমা ট্ৰেক্টৰ্ছ, টিপাৰ, আল্ট্ৰা ইভি বাছসমূহ আনুষ্ঠানিকভাৱে মুকলি কৰিছে। ট্ৰেক্টৰ, টিপাৰ, আৰু এল এন জি আৰু বেটাৰীৰে চালিত বাছৰ জৰিয়তে টাটা ষ্টীলৰ যোগান শৃংখলক সেউজ কৰি তুলিব। এই বাহনসমূহ তীখাৰ সামগ্ৰী আৰু কেঁচা সামগ্ৰী পৰিবহনৰ বাবে টাটা ষ্টীলৰ ডেলিভাৰী অংশীদাৰসকলক ইতিমধ্য়ে গ্ৰাহকক যোগান ধৰাৰ বাবে হস্তান্তৰ কৰা হৈছে।
টাটা ষ্টীলৰ মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালনা সঞ্চালক টি ভি নৰেন্দ্ৰনে বহনক্ষমতা আৰু উদ্ভাৱনৰ প্ৰতি অংশীদাৰিত্বৰ প্ৰতিশ্ৰুতিৰ কথা ব্যক্ত কৰি কয় যে, এই বিতৰণে দীৰ্ঘদিনীয়া অংশীদাৰিত্বত আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰিছে। কোম্পানীটোৱে ইতিবাচক পৰিৱৰ্তনক আগুৱাই নিবৰ বাবে আৰু পৰিৱেশ-অনুকূল সমাধান প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, যিয়ে ব্যৱসায়ক লাভান্বিত কৰাৰ লগতে সেউজ ভৱিষ্যতৰ বাবে অৰিহণা যোগায়।
টাটা প্ৰাইমা এল এন জি ৰেঞ্জৰ ট্ৰাকসমূহ যেনে- টিপাৰ্ছ (৩৫৩০.কে) আৰু ট্ৰেক্টৰ্ছ(৫৫৩০.এছ)ক পৃষ্ঠ(চাৰ্ফেছ), খনন(মাইনিং) আৰু দীৰ্ঘ দূৰত্বৰ বাণিজ্যিক পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হ’ব। বেটাৰী-ইলেক্ট্ৰিক ৰেঞ্জৰ এক্সেলেৰেটেড এডপচন(ত্বৰান্বিত পদক্ষেপ)ৰ অংশ হিচাপে টাটা ষ্টীলৰ লজিষ্টিক বিপ্লৱৰ অংশ হিচাপে বাস্তৱ সময়ৰ প্ৰদৰ্শনৰ বাবে ২৮টি ইভি টিপাৰ (ই২৮.কে) আৰু ৪৬টি ইভি ট্ৰেক্টৰ (ই৪৬.এছ)ত ব্যৱহাৰ কৰা হৈছে। শূন্য নিৰ্গমন(জিৰো এমিছন) ট্ৰাকৰ লগতে প্ৰতিষ্ঠানটোৱে উদ্যোগটোৰ স্থানসমূহলৈ কৰ্মচাৰী পৰিবহনৰ বাবে টাটা আল্ট্ৰা ইভি বাছ ব্যৱহাৰ কৰিব।