দেশৰ দ্ৰুত গতিত নগৰীকৰণ আৰু বহনক্ষম গতিশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ ফলত পৰিষ্কাৰ পৰিবহন বিকল্পৰ দিশত বিশেষ পৰিৱৰ্তন হৈছে, ইয়াৰে বৈদ্যুতিক আৰু হাইড্ৰজেন কোষ-আধাৰিত বাহনসমূহ হৈছে প্ৰাথমিক বিকল্প। এক ‘ট্ৰেঞ্জিচন ফুৱেল বা পৰিৱৰ্তন ইন্ধন’ ৰূপে প্ৰাকৃতিক গেছক নিৰ্গমন হ্ৰাস কৰাৰ বাবে এক অন্তৱৰ্তীকালীন সমাধান হিচাপে ব্যৱহাৰ বা প্ৰয়োগ কৰা হৈছে। ভাৰতৰ আগশাৰীৰ অটোমোবাইল প্ৰতিষ্ঠান টাটা মটৰ্ছে প্ৰাকৃতিক গেছ চালিত বাহনৰ বিকাশত সক্ৰিয়ভাৱে অৰিহণা যোগাই আহিছে, নিজৰ দক্ষতা আৰু উদ্ভাৱনৰ প্ৰতি অটল প্ৰতিশ্ৰুতিৰে যথেষ্ট পদক্ষেপ হাতত লৈছে টাটা মটৰ্ছে।
নীতি আয়োগৰ প্ৰতিবেদনত ২০৫০ চনৰ ভিতৰত ভাৰতীয় ৰাজপথত ট্ৰাকৰ সংখ্যা চাৰিগুণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, যিয়ে প্ৰাকৃতিক গেছ-ভিত্তিক ইন্ধনলৈ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ভাৰতে কম্প্ৰেছড নেচাৰেল গেছ(সংকুচিত প্ৰাকৃতিক গেছ) চমুকৈ চিএনজিক অৰ্থনৈতিক বিকল্প হিচাপে প্ৰচাৰ-প্ৰসাৰ কৰি আছে, যাৰ ফলত খাৰুৱা তেল আমদানিৰ খৰচ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। ভাৰতে কৌশলগতভাৱে নিজৰ প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিত বিনিয়োগ কৰি আহিছে, ২০৩০ চনৰ ভিতৰত ১৭,০০০টা কাৰ্যক্ষম চিএনজি ষ্টেচনৰ পৰিকল্পনা প্ৰস্তুত কৰিছে।
শেহতীয়া ৰাষ্ট্ৰীয় পদক্ষেপ, কৰ ক্ৰেডিট আৰু ৰাজসাহায্যই গেছ-আধাৰিত বাহন গ্ৰহণ বা ক্ৰয়ৰ বাবে উৎসাহিত কৰে। টাটা মটৰ্ছৰ উপাধ্যক্ষ আৰু ট্ৰাক খণ্ডৰ ব্যৱসায়িক মুৰব্বী ৰাজেশ কৌলে ২০৪৫ চনৰ ভিতৰতনেট জিৰো এমিছন(শূন্য গেছ নিৰ্গমন) লাভ কৰাৰ বাবে নিজৰ প্ৰতিশ্ৰুতি আৰু অটো এক্সপ’ ২০২৩ত প্ৰাকৃতিক গেছ, বৈদ্যুতিক আৰু হাইড্ৰ’জেন বিকল্পৰ প্ৰদৰ্শনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে।