ড্ৰোন শ্ব’ৰ জৰিয়তে ১ লাখ ই ভি বিক্ৰীৰ মাইলৰ খুঁটি উদযাপন কৰিছে টাটা মটৰ্ছে

28

ভাৰতৰ আগশাৰীৰ অটম’বাইল নিৰ্মাতা তথা ভাৰতত বৈদ্যুতিক বাহনৰ বৈপ্লৱিক পথ প্ৰদৰ্শক টাটা মটৰ্ছে আজি ১ লাখ টাটা ইভিৰ এক অসাধাৰণ মাইলৰ খুঁটি লাভ কৰাৰ কথা ঘোষণা কৰিছে। এই বিশেষ সাফল্যক উদযাপন কৰি টাটা মটৰ্ছে বাস্তৱত প্ৰকাশ পোৱা সপোনৰ যাত্ৰা প্ৰদৰ্শন কৰি এক দৰ্শনীয় ড্ৰ’ন শ্ব’ৰে আকাশ পোহৰাই তুলিছিল। এই গুৰুত্বপূৰ্ণ যাত্ৰাই টাটা মটৰ্ছৰ ইতিবাচক পৰিৱৰ্তনক আগুৱাই নিয়াৰ বাবে আৰু ভাৰতৰ বহনক্ষম ভৱিষ্যতৰ বাবে অৰিহণা যোগোৱাৰ অদম্য প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যোৱা ৩ বছৰত ভাৰতত ইভি বিপ্লৱক নেতৃত্ব প্ৰদান কৰি এক অসাধাৰণ যাত্ৰাৰে আগুৱাইছে টাটা মটৰ্ছে। নিজৰ প্ৰথম ১০ হাজাৰৰ পৰা অহৰহ ব্যৱধান কম কৰি কৰি ১ লাখ ই ভিলৈ আগুৱাবলৈ সক্ষম হৈছে, মাত্ৰ ৯ মাহতে ৫০ হাজাৰ ই ভি লাভ কৰিবলৈ সক্ষম হৈছিল টাটা মটৰ্ছ।

এই বিশেষ অনুষ্ঠানৰ বিষয়ে উল্লেখ কৰি টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেড আৰু টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটি লিমিটেডৰ পৰিচালন সঞ্চালক শৈলেশ চন্দ্ৰই কয় যে, “টাটা মটৰ্ছৰ ইভি গ্ৰাহক, চৰকাৰ, আমাৰ বিনিয়োগকাৰীৰ প্ৰতি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। টাটা ইউনিভাৰ্ছ ইকচিষ্টেম প্ৰতিষ্ঠানসমূহৰ অহৰহ সহায়-সমৰ্থনৰ বাবে আমি একেলগে ভাৰতক সেউজ গতিশীলতাৰ দিশে আগুৱাই লৈ গৈছোঁ।”

এই মাইলষ্টনেই হৈছে বৈদ্যুতিকৰণ বৃদ্ধিৰ বাবে এক স্প্ৰিংবৰ্ড। ক্ৰমশঃ দ্ৰুতগতিত অগ্ৰগতি লাভ কৰা শেহতীয়া পৰিৱেশ তন্ত্ৰই গ্ৰাহক, যোগানকাৰী আৰু বিনিয়োগকাৰীক নতুন প্ৰযুক্তিক আঁকোৱালি ল’বলৈ সক্ষম কৰি তুলিছে। এই অগ্ৰগতিয়ে কৰ্মসংস্থাপনৰ সৃষ্টি কৰাৰ লগতে বায়ুৰ গুণাগুণ উন্নত কৰে। লগতে তেলৰ আমদানি হ্ৰাস কৰে আৰু ভাৰতক ইভি আৰু কম্পনেণ্ট নিৰ্মাণখণ্ডৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলে।