ভাৰতৰ আগশাৰীৰ অটোমোবাইল নিৰ্মাতা টাটা মটৰ্ছে ২০২৩ বিত্তীয় বৰ্ষত অসমত ৯৩% বজাৰ অংশীদাৰিত্ব বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। এই বৃদ্ধিয়ে প্ৰতিষ্ঠানটোৰ ইভি বিৱৰ্তন আৰু বৃদ্ধিৰ পৰিচয় প্ৰদৰ্শন কৰিছে। ২০২৩ চনৰ এপ্ৰিল মাহত গ্ৰাম্য অঞ্চলত বৰ্ধিত ইভি সজাগতা, চাৰ্জিং আন্তঃগাঁথনি সম্প্ৰসাৰিত কৰি ১৮% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। একেদৰে ৩৪ টা কৌশলগতভাৱে স্থাপন কৰা ষ্টেচন, ২৮টা বিক্ৰী আউটলেটৰ শক্তিশালী নেটৱৰ্ক, ৪টা অনুমোদিত সেৱা ছেটআপ আৰু গ্ৰাহকক ইতিবাচক সেৱাৰ মনোবৃত্তিৰে গ্ৰাহক আৰু জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।
টাটা মটৰ্ছৰ টিয়াগো.ইভিয়ে ভাৰতৰ বৈদ্যুতিক বাহনৰ বজাৰলৈ আনিছে এক বৈপ্লৱিক পৰিৱৰ্তন। যি হৈছে সৰ্বাধিক দ্ৰুতগতিত বুকিং লাভ কৰা ইভি। আশ্চৰ্যজনকভাৱে ৪ মাহতকৈও কম সময়ৰ ভিতৰতে ১০,০০০ ইউনিট ডেলিভাৰী কৰা আটাইতকৈ দ্ৰুততম ইভি হিচাপে পৰিগণিত হৈছে টাটা মটৰ্ছ। এই প্লেটফৰ্মত মহিলা ক্ৰেতাৰ সংখ্যা দুগুণ বৃদ্ধি পাইছে, যিয়ে টিয়াগো.ইভি বিক্ৰীৰ মাত্ৰা ২৪%লৈ বৃদ্ধি কৰিছে। টিয়াগো.ইভিয়ে টিয়াগো ব্ৰেণ্ডৰ বিক্ৰীৰ ৩৫%তকৈ অধিক অৰিহণা যোগায়।
শেহতীয়াকৈ টাটা মটৰ্ছে নেক্সন ইভি মেক্স এক্সজেড+ লাক্স ব্ৰেণ্ডক হাই-টেক সুবিধা প্ৰদান কৰি উন্নীতকৰণ কৰিছে, যাৰ ভিতৰত আছে হাৰ্মনৰ ২৬.০৩ চেমি (১০.২৫ ইঞ্চি) টাচস্ক্ৰীণ ইনফোটেইনমেণ্ট চিষ্টেম, এটা উচ্চ-ৰিজলিউশ্বন (১৯২০X৭২০) এইচডি ডিচপ্লে, ৱাইফাইৰ ওপৰত এণ্ড্ৰইড অটো™ আৰু এপল কাৰপ্লে™, হাই-ডেফিনিশ্যন ৰিয়েৰ ভিউ কেমেৰা, উন্নত অডিঅ’ পাৰফৰ্মেন্স, ছটা ভাষাত ভইচ এচিষ্টেণ্ট আৰু নতুন ইউজাৰ ইণ্টাৰফেছ। টাটা মটৰ্ছে ভাৰতৰ বৈদ্যুতিক বাহন গ্ৰহণ বা ক্ৰয়ৰ বাবে ই-মবিলিটি ইক’চিষ্টেম টাটা উনিইভাৰ্চ(TatauniEVerse) মুকলি কৰিছে।
