এইচডিএফচি বেংকৰ সৈতে নিৰৱচ্ছিন্ন ডিজিটেল বিত্তীয় সমাধানৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ টাটা মটৰ্ছেৰ

391

দেশৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছ আৰু ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংক এইচডিএফচি বেংকে বাণিজ্যিক বাহনৰ গ্ৰাহকসকলৰ বাবে আকৰ্ষণীয় ডিজিটেল বিত্তীয় সমাধান প্ৰদান কৰাৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। টাটা মটৰ্ছে বাণিজ্যিক বাহনৰ বাবে বাহনৰ বিত্তীয় সমাধান প্ৰদান কৰিবলৈ এইচডিএফচি বেংকৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই অংশীদাৰিত্বৰ জৰিয়তে গ্ৰাহকেসকলে টাটা মটৰ্ছৰ অনলাইন বিক্ৰী প্লেটফৰ্ম আৰু টাটা ই-গুৰু মোবাইল এপ্লিকেচনৰ জৰিয়তে এইচডিএফচি বেংকৰ সেৱা প্ৰাপ্ত কৰিব পাৰে, যাৰ ফলত অভিগম্যতা বৃদ্ধি পায় আৰু গ্ৰাহকসকলক নিজৰ নিজৰ পছন্দৰ ফাইনেন্সাৰ বাচনি কৰিবলৈ অনুমতি বা সুযোগ দিয়ে।

টাটা মটৰ্ছে এটা কোম্পানীৰ সৈতে এক কৌশলগত মিত্ৰতা গঢ়ি তুলিছে যিয়ে বাছ, ট্ৰাক আৰু ক্ষুদ্ৰ বাণিজ্যিক বাহন আৰু পিকআপ বাহনকে ধৰি সকলো বাণিজ্যিক বাহন প্ৰদান কৰে। কোম্পানীটোৱে গ্ৰাহকৰ প্ৰয়োজনীয়তাসমূহ বুজিবলৈ আৰু পূৰণ কৰিবলৈ সদায়ে প্ৰতিশ্ৰুতিবদ্ধ। লগতে পণ্য, সেৱা আৰু আৰ্থিক সহায়ৰ ক্ষেত্ৰত নিজৰ প্ৰয়োজনীয়তাসমূহৰ বিষয়ে মূল্যায়ন কৰে।

এই সহযোগিতাৰ বিষয়ে উল্লেখ কৰি টাটা মটৰ্ছৰ ট্ৰাকৰ উপাধ্যক্ষ তথা ব্যৱসায়িক মুৰব্বী ৰাজেশ কৌলে কয় যে, “এইচডিএফচি বেংকৰ দক্ষতা আৰু প্ৰসাৰক একত্ৰিত কৰি আমি আমাৰ গ্ৰাহকসকলক অনন্য প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱা বিভিন্ন বিত্তীয় বিকল্পৰ সৈতে শক্তিশালী কৰাৰ লক্ষ্য ৰাখিছো। এই সহযোগিতা হৈছে সামগ্ৰী প্ৰদান আৰু গ্ৰাহক সেৱা দুয়োটা ক্ষেত্ৰতে উৎকৃষ্টতা বজাই ৰখাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ।”