অসমত দেশৰ প্ৰথমটো থলুৱা ছেমিকণ্ডাক্টৰ এছেম্বলী আৰু টেষ্ট ফেচিলিটী স্থাপন কৰিব টাটা গ্ৰুপে

372

ভাৰতত এক এণ্ড টু এণ্ড ছেমিকণ্ডাক্টৰ উৎপাদন পৰিৱেশ তন্ত্ৰ সৃষ্টিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে জাগীৰোডত টাটা ইলেক্ট্ৰনিকে ৰূপায়ণ কৰিব লগা অত্যাধুনিক, গ্ৰীণফিল্ড ছেমিকণ্ডাক্টৰ এচেম্বলী আৰু পৰীক্ষা কেন্দ্ৰৰ প্ৰস্তাৱত অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে। ২৭,০০০ কোটি টকা বিনিয়োগ কৰি নিৰ্মাণ হ’ব লগা এই প্ৰকল্পটোৱে অঞ্চলটোত ২৭,০০০ৰো অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেডে (টাটা চন্স প্ৰাইভেট লিমিটেডৰ সম্পূৰ্ণ মালিকানাধীন প্ৰতিষ্ঠান) তিনিটা প্ৰধান প্লেটফৰ্ম প্ৰযুক্তি – ৱায়াৰ বণ্ড, ফ্লিপ চিপ আৰু ইণ্টিগ্ৰেটেড চিষ্টেম পেকেজিং (আইএছপি) নামৰ এক পৃথক প্ৰকল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই সুবিধাসমূহ গঢ়ি তুলিব, যাৰ সৈতে ভৱিষ্যতে উন্নত পেকেজিং প্ৰযুক্তিৰ ৰোডমেপ সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা আছে।

এই প্ৰযুক্তিয়ে ভাৰতৰ বিভিন্ন ক্ষেত্ৰত প্ৰয়োগৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ – যেনে অট’ম’টিভ (বিশেষকৈ বৈদ্যুতিক বাহন), যোগাযোগ, নেটৱৰ্ক আন্তঃগাঁথনি আৰু অন্যান্য ক্ষেত্ৰতো প্ৰয়োগ-প্ৰভাৱ পেলাব। টাটা ইলেক্ট্ৰনিক্সে ইতিমধ্যে এই সকলোবোৰ প্লেটফৰ্মৰ বাবে থলুৱা প্ৰযুক্তি বিকাশত গুৰুত্বপূৰ্ণ বিনিয়োগ কৰিছে আৰু এই প্ৰকল্পটো চলাবলৈ ১,০০০+ বছৰৰ বেছি বিশ্বব্যাপী ডমেইন অভিজ্ঞতাৰ সৈতে এক অতি বিশ্বাসযোগ্য দলক একত্ৰিত কৰিছে। এই প্ৰস্তাৱিত প্ৰকল্পটোৱে এআই, ঔদ্যোগিক আৰু উপভোক্তা ইলেক্ট্ৰনিকছৰ দৰে প্ৰধান বজাৰ খণ্ডত বৰ্ধিত বিশ্বব্যাপী চাহিদা পূৰণ কৰিব। এই সুখবৰৰ কথা সদৰি কৰি টাটা চন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে কয় যে, “আমি বিশ্বব্যাপী ইলেক্ট্ৰনিক্স নিৰ্মাণ খণ্ডৰ বজাৰৰ বাবে এক অনন্য সময়ত আছোঁ আৰু বিশ্বই অধিক সুৰক্ষিত আৰু বহনক্ষম ইলেক্ট্ৰনিক্স যোগান শৃংখলাৰ সন্ধানত আছে। বিশ্বব্যাপী যোগান শৃংখলাৰ বিপদাশংকা হ্ৰাস কৰি মই নিশ্চিত যে এই প্ৰকল্পটোৱে উত্তৰ-পূৰ্বাঞ্চলত অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ-প্ৰয়োগে ঔদ্যোগিকৰণ আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত এক পৰিৱৰ্তনশীল প্ৰভাৱ পেলাব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে এক ব্যাপক কেন্দ্ৰীয় আৰু ৰাজ্যিক ছেমিকণ্ডাক্টৰ নীতি প্ৰস্তুত কৰিছে। কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্যপ্ৰযুক্তি মন্ত্ৰালয়, ভাৰত ছেমিকণ্ডাক্টৰ মিছন আৰু অসম চৰকাৰৰ সহযোগিতাত এই প্ৰকল্পক বাস্তৱ কৰি তোলা হ’ব।” আনহাতে, টাটা ইলেক্ট্ৰনিকছ প্ৰাইভেট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া তথা এমডি ড০ ৰণধীৰ ঠাকুৰে কয় যে, “এই বিনিয়োগে ভাৰতক বিশ্বব্যাপী ছেমিকণ্ডাক্টৰ উৎপাদনৰ মানচিত্ৰত স্থান প্ৰদান কৰাৰ লগতে থলুৱা সামগ্ৰীৰ পৰিৱেশ তন্ত্ৰৰ বাবে এক সক্ষম প্ৰতিষ্ঠান ৰূপে গঢ়ি তুলিব আৰু উচ্চ প্ৰযুক্তি উৎপাদনৰ বাবে এক সম্পূৰ্ণ ঘৰুৱা পৰিৱেশ তন্ত্ৰ তৈয়াৰ কৰাত যথেষ্ট সহায় কৰিব।”