গুজৰাটৰ ধোলেৰাত টাটা গ্ৰুপে নিৰ্মাণ কৰিব এটা মেগা ছেমিকণ্ডাক্টৰ ফেব

306

ভাৰতত স্বদেশীভাৱে থলুৱা (“মেক ইন ইণ্ডিয়া, ফৰ দ্য ৱৰ্ল্ড”) ছেমিকণ্ডাক্টৰ পৰিৱেশ তন্ত্ৰ সৃষ্টিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভাৰত চৰকাৰে টাটা ইলেক্ট্ৰনিকছৰ মেগা ছেমিকণ্ডাক্টৰ ফেব্ৰিকেচন ফেচিলিটী(“ ফেব”)  নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছে, পিএছএমচিৰ সৈতে অংশীদাৰিত্বৰে গুজৰাটৰ ধোলেৰাত স্থাপন কৰা হ’ব এই প্ৰকল্পটো। এই বছৰৰ পৰা আৰম্ভ হ’ব লগা ফেব নিৰ্মাণত মুঠ ৯১,০০০ কোটি টকা (~১১ বিলিয়ন মাৰ্কিন ডলাৰ) বিনিয়োগ কৰা হ’ব আৰু ইয়াৰ জৰিয়তে অঞ্চলটোত ২০,০০০ৰো অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ দক্ষ নিয়োগ সৃষ্টি হ’ব। এই ঘোষণাৰ লগে লগে টাটা ইলেক্ট্ৰনিক্সে বিশ্বব্যাপী ছেমিকণ্ডাক্টৰ উদ্যোগত প্ৰৱেশ কৰিলে। পাৱাৰচিপ ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিং কৰ্পোৰেচন (পিএছএমচি)ৰ অংশীদাৰিত্বৰে টাটা ইলেক্ট্ৰনিকছে (টাটা চন্স প্ৰাইভেট লিমিটেডৰ সম্পূৰ্ণ মালিকানাধীন প্ৰতিষ্ঠান) ভাৰতৰ প্ৰথম এআই-সক্ষম অত্যাধুনিক ফেব নিৰ্মাণ কৰিব।

এই ফেবত প্ৰতি মাহে ৫০,০০০লৈকে ৱেফাৰ উৎপাদন ক্ষমতা থাকিব আৰু ইয়াত অন্তৰ্ভুক্ত থাকিব উদ্যোগ-সৰ্বশ্ৰেষ্ঠ কাৰখানা দক্ষতা প্ৰাপ্ত কৰাৰ বাবে ডাটা বিশ্লেষণ আৰু যন্ত্ৰ শিক্ষণ প্ৰয়োগ কৰা পৰৱৰ্তী প্ৰজন্মৰ কাৰখানা স্বয়ংক্ৰিয়কৰণ ক্ষমতা।  টাটা চন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে ২০২৪ৰ জানুৱাৰীত বিংশ সংখ্যক ভাইব্ৰেণ্ট গুজৰাট সন্মিলনত ধোলেৰাত ছেমিকণ্ডাক্টৰ ফেব নিৰ্মাণৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল টাটা গ্ৰুপে। এই বহুপৰিকল্পিত ছেমিকণ্ডাক্টৰ ফেব সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে, “ভাৰতক বিশ্বব্যাপী ছেমিকণ্ডাক্টৰ নিৰ্মাণখণ্ডত নেতৃত্ব প্ৰদান কৰিবলৈ পাই আমি গৌৰৱান্বিত৷ ইয়াৰ জৰিয়তে ভাৰতৰ যুৱক-যুৱতীসকলক উচ্চ প্ৰযুক্তিৰ কৰ্মসংস্থাপনৰ সুযোগ প্ৰদানৰ দিশতো আমাৰ অগ্ৰগতি ত্বৰান্বিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ ব্যাপক কেন্দ্ৰীয় আৰু ৰাজ্যিক ছেমিকণ্ডাক্টৰ নীতি নিৰ্ধাৰণৰ লগতে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (মেইটৱাই), ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন (আইএছএম) আৰু গুজৰাট চৰকাৰৰ নিৰন্তৰ প্ৰয়াস আৰু সমৰ্থনৰ বাবেহে এয়া সম্ভৱ হৈ উঠিল।” আনহাতে, টাটা ইলেক্ট্ৰনিক্সৰ চিইঅ’ এণ্ড এমডি ড০ ৰনধীৰ ঠাকুৰে কয় যে, “ভাৰতৰ বাবে এয়া এক নতুন যুগৰ আৰম্ভণি। আমি নিশ্চিত যে আগন্তুক ফেবে আমাৰ “মেক ইন ইণ্ডিয়া, ফৰ দ্য ৱৰ্ল্ড”ৰ উচ্চাকাংক্ষাক বাস্তৱ ৰূপ প্ৰদান কৰিব। আমি যোগান শৃংখলৰ স্থিতিস্থাপকতাৰ বাবে আমাৰ বিশ্বব্যাপী গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হ’ম আৰু ক্ৰমবৰ্ধমান ঘৰুৱা চাহিদা পূৰণ কৰিব পাৰিম।”

পিএছএমচি যি হৈছে টাইৱানৰ এক আগশাৰীৰ পিয়ৰ-প্লে ফাউণ্ড্ৰী কোম্পানী, যাৰ লজিক আৰু মেমৰী প্ৰযুক্তিখণ্ডত বিশেষভাৱে সামৰ্থ্য-অগ্ৰাধিকাৰ আছে আৰু প্ৰতিষ্ঠানটোৰ সৈতে অংশীদাৰিত্বই আগশাৰীৰ ক্ষেত্ৰ আৰু জনপ্ৰিয় খণ্ডসমূহত অভিজ্ঞ প্ৰযুক্তিৰ প্ৰৱেশ-সুযোগ প্ৰদান কৰিব। এই বিষয়ে পিএছএমচিৰ অধ্যক্ষ ড০ ফ্ৰেংক হুয়াঙে কয় যে, “টাটা গ্ৰুপ হৈছে ভাৰত আৰু বিশ্বব্যাপী আটাইতকৈ প্ৰতিষ্ঠিত আৰু সন্মানীয় এক প্ৰতিষ্ঠান। আমি টাটা গ্ৰুপৰ সৈতে অংশীদাৰিত্বৰে একেলগে কাম কৰিবলৈ অতিশয় উৎসাহী, আমি বিশ্বাস কৰোঁ যে এই অংশীদাৰিত্বই বিশ্বব্যাপী ছেমিকণ্ডাক্টৰ উদ্যোগত এক নতুন যুগৰ সূচনা কৰিব। এই অংশীদাৰিত্বই বিশ্বব্যাপী ছেমিকণ্ডাক্টৰ উৎপাদনৰ ৰূপৰেখা পুনৰ নিৰ্ধাৰণ কৰাৰ সম্ভাৱনা আছে আৰু আমি টাটা ইলেক্ট্ৰনিকছৰ সৈতে সহযোগিতাৰ বাবে অপেক্ষাৰত।”