টাটা মটৰ্ছৰ সহযোগী প্ৰতিষ্ঠান তথা ভাৰতৰ বৈদ্যুতিক বাহনৰ বিপ্লৱৰ পথ প্ৰদৰ্শক টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটি লিমিটেডে (টিপিইএম) নিজৰ সৰ্বাধিক বিক্ৰী হোৱা ইভি নেক্সন.ইভি আৰু টিয়াগো.ইভৰ মূল্য অভাৱনীয় ৰূপত হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে, যাৰ উদ্দেশ্য হৈছে ইভিসমূহক ভাৰতীয় গ্ৰাহকসকলৰ বাবে অধিক সুলভ কৰি তোলা।ভাৰতৰ সৰ্বাধিক সুবিধাৰে সমৃদ্ধ ইভি নেক্সন.ইভিৰ দৰ ১.২ লাখ টকালৈকে মূল্য হ্ৰাস হ’ব। দ্ৰুততম বিক্ৰী হোৱা টিয়াগো.ইভিৰ মূল্যও ৭০,০০০ টকালৈকে হ্ৰাস হ’ব, যাৰ বেচ মডেল ৭.৯৯ লাখ টকাৰ পৰা আৰম্ভ হ’ব। পাঞ্চ.ইভিৰ মূল্য অপৰিৱৰ্তিত থাকিব।
২০২৩ চনত ইভিসমূহে সামগ্ৰিক যাত্ৰীবাহী বাহন উদ্যোগতকৈ উন্নত প্ৰদৰ্শন কৰিছিল, এই খণ্ডৰ ব্যৱসায় ৯০%তকৈ অধিক বৃদ্ধি পাইছিল, পিভি উদ্যোগে অভিলেখসংখ্যক ৮% বৃদ্ধিতকৈও উন্নত প্ৰদৰ্শন কৰিছিল। ২০২৪ৰ জানুৱাৰী মাহত ইভি বিক্ৰীৰ ১০০% প্ৰতি বছৰৰ বৃদ্ধিৰে ২০২৪ত এই বিকাশৰ গতি অব্যাহত আছে।
৭০%তকৈ অধিক বজাৰ অংশীদাৰিত্বৰ সৈতে টিপিইএম হৈছে এই দ্ৰুত বিকাশশীল শাখাৰ অগ্ৰণী প্ৰতিষ্ঠান। এই মূল্য হ্ৰাসৰ বিষয়ে গ্ৰাহকক অৱগত কৰি টিপিইএমৰ মুখ্য বাণিজ্যিক বিষয়া বিবেক শ্ৰীবৎসই কয় যে, “আমি বিশ্বাস কৰোঁ যে সুলভ মূল্যত এই সৰ্বাধিক বিক্ৰী হোৱা নেক্সন.ইভি আৰু টিয়াগো.ইভি গ্ৰাহকক এই অফাৰে আৰু অধিক আকৰ্ষিত কৰিব আৰু অধিক সংখ্যক গ্ৰাহকৰ কাষ চাপিবলৈ সক্ষম হ’ব।”