ভাৰতৰ দ্ৰুততম বিকাশশীল জীৱন বীমা প্ৰতিষ্ঠান টাটা এআইএ লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেডে আইআৰডিএআইৰ পৰা নিয়ামক অনুমোদন(ৰেগুলেটৰী এপ্ৰভ) লাভ কৰাৰ পিছতে ভেংকটাচলম এইচক নতুন মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালনা সঞ্চালক হিচাপে নিযুক্তি দিছে। ভেংকটাচালম এইচে বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালনা সঞ্চালক নবীন তাহিলিয়ানীৰ পৰা দায়িত্ব গ্ৰহণ কৰিব। নবীন তাহিলিয়ানীক টাটা গ্ৰুপৰ আন এক ভূমিকাত দেখা যাব, টাটা এআইএ লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেডৰ অ-কাৰ্যবাহী সঞ্চালক(নন-এক্সিকিউটিভ ডাইৰেক্টৰ) পদলৈ পদোন্নতি কৰা হৈছে।
লাইফ ইঞ্চুৰেন্স, সম্পদ ব্যৱস্থাপনা আৰু কাষ্টডিয়েল চাৰ্ভিছৰ ক্ষেত্ৰখনত ২৭ বছৰতকৈ অধিক অভিজ্ঞতা থকা ভেংকটাচালাম এইচৰ বিক্ৰী আৰু বিতৰণ(ছেলচ এণ্ড ডিষ্ট্ৰিবিউচন), কৌশল(ষ্ট্ৰেটেজী), ব্যৱসায় আৰু প্ৰক্ৰিয়া বিকাশ(বিজনেছ এণ্ড প্ৰচেছ) আৰু মূল একাউণ্ট ব্যৱস্থাপনাৰ ক্ষেত্ৰত যথেষ্ট দক্ষতা-অভিজ্ঞতা আছে। ২০১৬ত টাটা এআইএত যোগদান কৰা নবীনে বিপণন, কৌশল, বিশ্লেষণ আৰু ডিজিটেল ব্যৱসায়ৰ ক্ষেত্ৰখনৰ বিবিধ পদক্ষেপক সমুখৰ পৰা আগুৱাই লৈ গৈছে।
নবীনক টাটা এআইএক মাৰ্কেট লিডিং, ডিজিটেলভাৱে সক্ষম ব্যৱসায়লৈ ৰূপান্তৰিত কৰি প্ৰতিযোগিতামূলক বজাৰক অতিক্ৰম কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। নবীনৰ কাৰ্যকালত ২০১৮ৰ পৰা ২০২২ চনৰ ভিতৰত ভিঅ’এনবি প্ৰায় ছাৰে তিনিগুণ বৃদ্ধি পাইছে। নবীনৰ নেতৃত্বত টাটা এআইএই ব্যক্তিগত খণ্ডৰ জীৱন বীমা প্ৰতিষ্ঠানসমূহৰ ভিতৰত ৰিটেইল ৱেটেড(খুচুৰা সেৱা) নতুন ব্যৱসায়িক প্ৰিমিয়ামত তৃতীয় আৰু খুচুৰা বীমা ৰাশিৰ ধনৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিছে। নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে কোম্পানীটোক ৭ বাৰকৈ কিনচেণ্ট্ৰিক শ্ৰেষ্ঠ নিয়োগকৰ্তা বঁটা প্ৰদান কৰা হৈছে আৰু গ্ৰেট প্লেচ টু ৱৰ্ক(কাম কৰাৰ শ্ৰেষ্ঠ স্থান) হিচাপে স্বীকৃত হৈছে।