টাটা এআইএ লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড(টাটা এআইএ)-এ নমনীয় বিত্তীয় সুৰক্ষা আৰু সম্পদ সৃষ্টিৰ বাবে ডিজাইন কৰা এক অ-সংযুক্ত(নন-লিংকড), অংশগ্ৰহণকাৰী জীৱন বীমা সঞ্চয় সমাধান টাটা এআইএ শুভ ফ্লেক্সি ইনকাম প্লেন মুকলি কৰিছে। এই প্লেনৰ লক্ষ্য হৈছে মানুহক নিজৰ বিত্তীয় লক্ষ্যৰ সৈতে বিকশিত হোৱা উপযোগী বিকল্পৰ সৈতে শক্তিশালী কৰি তোলা। শুভ ফ্লেক্সি ইনকাম প্লেনে তিনিটা মূল বিকল্প প্ৰদান কৰে : এককালীন পৰিশোধৰ সৈতে দীৰ্ঘম্যাদী সঞ্চয়ৰ বাবে এনডাউমেণ্ট বিকল্প, প্ৰথম বছৰৰ পৰা বাৰ্ষিক নগদ বোনাচৰ বাবে আগতীয়া আয় বিকল্প আৰু অধিক বিকাশৰ বাবে পেমেণ্ট স্থগিত ৰখাৰ নমনীয়তাৰ সৈতে সম্পদ সংগ্ৰহৰ বাবে স্থগিত আয়(ডিফাৰ্ড ইনকাম) বিকল্প। সঞ্চয়ৰ বাহিৰেও এই প্লেনত প্ৰিমিয়াম বিকল্পত ৰেহাইৰ দৰে সুৰক্ষামূলক সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে, যি পলিচীধাৰকৰ মৃত্যুৰ ক্ষেত্ৰত লাভালাভৰ ধাৰাবাহিকতা নিশ্চিত কৰে আৰু কভাৰ কণ্টিনিউৱেঞ্চ বেনিফিট পোৱা যায়, যাৰ ফলত এই প্লেন ভৱিষ্যতৰ প্ৰিমিয়াম ৰেহাইৰে সক্ৰিয় হৈ থাকিব পাৰে।
ইয়াৰ লগতে ‘ছাব ৱালেট’ বিকল্পই পলিচীহল্ডাৰসকলক সুতৰ সৈতে বোনাচ জমা কৰিবলৈ দিয়ে, আনহাতে স্মাৰ্ট লেডী বেনিফিট আৰু ফেমিলী ডিছকাউণ্টে বৰ্তমানৰ পলিচিধাৰকসকলৰ মহিলা আৰু পৰিয়ালৰ সদস্যসকলৰ বাবে সুলভ মূল্য প্ৰদান কৰে। টাটা এআইএই ২০২৪ বিত্তীয় বৰ্ষৰ বাবে ১,৪৬৫ কোটি টকাৰ বোনাচ ঘোষণা কৰিছিল, যি পূৰ্বৰ বছৰৰ তুলনাত ২৪% অধিক, যিয়ে পলিচিধাৰীসকলক পুৰস্কৃত কৰাৰ প্ৰতিশ্ৰুতিক আৰু অধিক শক্তিশালী কৰি তুলিলে। টাটা এআইএ লাইফৰ কাৰ্যবাহী উপাধ্যক্ষ তথা প্ৰডাক্টছ, বিজনেছ মিড অফিচ এণ্ড ডিজিটেল মাৰ্কেটিঙৰ মুৰব্বী সুজিত কোথাৰে এই বিষয়ে সদৰি কৰি কয় যে, “আমাৰ দৃষ্টিভংগী হৈছে প্ৰতিজন পলিচীহল্ডাৰে বিত্তীয় স্বতন্ত্ৰতাৰ দিশত নিজৰ যাত্ৰাত আত্মবিশ্বাসী অনুভৱ কৰাটো নিশ্চিত কৰা, প্ৰতিজন লোকৰ এনে এজন অংশীদাৰ আছে যিয়ে আকাংক্ষাসমূহ বুজি পায় আৰু প্ৰতিটো পৰ্যায়ত তেওঁলোকক সমৰ্থন জনায়।”
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীতো এই সুবিধা মুকলি কৰাৰ লগে লগে নমনীয় বীমা সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে। অঞ্চলটোৰ বিত্তীয় পৰিকল্পনাকাৰীসকলে টাটা এআইএৰ নতুন পৰিকল্পনাক অনুকূলিত সঞ্চয় আৰু সুৰক্ষা বিচৰা ব্যক্তিসকলৰ বাবে এক কাৰ্যকৰী সমাধান হিচাপে গ্ৰহণ কৰিছে। অধিক লোকে আৰ্থিক প্ৰস্তুতিক অগ্ৰাধিকাৰ দিয়াৰ লগে লগে শুভ ফ্লেক্সি ইনকাম প্লেনৰ দৰে বিকল্পই বৈচিত্ৰময় আকাংক্ষাৰ অনুকূলে গাঁথনিগত সুবিধা প্ৰদান কৰে। শুভ ফ্লেক্সি ইনকাম প্লেন যুৱ পেছাদাৰী, পৰিয়াল আৰু অৱসৰপ্ৰাপ্ত লোকসকলক বিত্তীয় স্বতন্ত্ৰতা প্ৰাপ্ত কৰাত সহায় কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে, যি গ্ৰাহকসকলক “হৰৱক্টকেলিয়েতৈয়াৰ” কৰাৰ বাবে টাটা এআইএ-ৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি – জীৱনৰ প্ৰতিটো পৰ্যায়ৰ বাবে প্ৰস্তুত কৰে।