টাটা এআইএ-ই আগবঢ়াইছে টাটা এআইএ মাল্টিকেপ মমেণ্টাম কোৱালিটী ইণ্ডেক্স ফাণ্ড 

26

ভাৰতৰ অন্যতম আগশাৰীৰ জীৱন বীমা প্ৰতিষ্ঠান টাটা এ আই এ লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেডে টাটা এআইএ মাল্টিকেপ মমেণ্টাম কোৱালিটী ইনডেক্স ফাণ্ড মুকলি কৰিছে। এই নতুন ফাণ্ড অফাৰ নিফটি ৫০০ মাল্টিকেপ মমেণ্টাম কোৱালিটী ৫০ সূচকাংকৰ প্ৰতিলিপি কৰা ষ্টকৰ পৰ্টফলিঅ’ত বিনিয়োগ কৰি দীৰ্ঘম্যাদী মূলধনৰ সুবিধা লাভ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। ২০২৪ চনৰ ২৪ ডিচেম্বৰৰ পৰা নতুন ফাণ্ড অফাৰ (এন এফ অ’) উইণ্ড’ খোলা থাকিব আৰু ২০২৪ চনৰ ৩১ ডিচেম্বৰত বন্ধ হ’ব।

এই নতুন অফাৰ মুকলিৰ বিষয়ে সদৰি কৰি টাটা এ আই এৰ কাৰ্যবাহী উপাধ্যক্ষ তথা মুখ্য বিনিয়োগ বিষয়া (চিআইঅ’) হৰ্ষদ পাটিলে কয় যে, “ভাৰতৰ অৰ্থনীতিৰ বিকাশৰ গতিপথ অব্যাহত থকাৰ লগে লগে ইকুইটি বজাৰে সম্পদ সৃষ্টিৰ বাবে এক আকৰ্ষণীয় সুযোগ প্ৰদান কৰে।” টাটা এআইএৰ পলিচিহল্ডাৰসকলে কোম্পানীটোৰ জনপ্ৰিয় টাটা এআইএ পৰম সুৰক্ষা সমাধান আৰু টাটা এআইএ প্ৰ’-ফিট পৰিকল্পনাকে ধৰি ইউনিট লিংকড বীমা প্লেনসমূহৰ জৰিয়তে মাল্টিকেপ মমেণ্টাম কুৱালিটী ইনডেক্স ফাণ্ডত বিনিয়োগ কৰিব পাৰে।

এই সেৱাসমূহে গ্ৰাহক আৰু গ্ৰাহকৰ পৰিয়ালক অতি প্ৰয়োজনীয় জীৱন আৰু স্বাস্থ্য বীমা কভাৰেজৰ সৈতে সুৰক্ষিত কৰাৰ লগতে ইকুইটি বিনিয়োগৰ দীৰ্ঘম্যাদী বৃদ্ধিৰ সম্ভাৱনা প্ৰদান কৰে। টাটা এআইএইৰ দ্বাৰা পৰিচালনাৰ অধীনত নিজৰ সম্পদ যথেষ্ট বৃদ্ধি কৰি ১,১৭,৮৬৭.৭৩ কোটি টকা(২৪ নৱেম্বৰ)লৈ বৃদ্ধি কৰিছে, যাৰ অৰ্থ হ’ল বছৰৰ পিছত বছৰৰ ৩৫.৯১% বৃদ্ধি হৈছে।