টেলি ছল্যুচনে মুকলি কৰিলে টেলিপ্ৰাইম ৫.০, ৩ বছৰত ৩০-৪০% চিএজিআৰ প্ৰাপ্ত কৰাৰ লক্ষ্য

165

ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা এমএছএমই খণ্ডক সহায় কৰাৰ বাবে কৰা অবিৰত প্ৰচেষ্টাৰ অংশ হিচাপে টেলি ছল্যুচনে শেহতীয়া চফ্টৱেৰ সংস্কৰণ টেলিপ্ৰাইম ৫.০ উন্মোচন কৰিছে। এপিআই-চালিত কৰ পৰিশোধ আৰু সংযুক্ত জিএছটি ক্ষমতাৰে মুকলি কৰা এই নতুন সংস্কৰণৰ লক্ষ্য হৈছে ব্যৱসায়ীসকলৰ বাবে জিএছটি দাখিল কৰাটো সৰল কৰি তোলা, জিএছটি পৰ্টেললৈ যোৱাৰ প্ৰয়োজন অবিহনে নিজৰ কাৰ্য-কলাপ বৃদ্ধি কৰা।

টেলিপ্ৰাইম ৫.০-এ আৰবী আৰু বাংলাকে ধৰি উন্নত বহুভাষিক সুবিধাসমূহ একত্ৰিত কৰি মধ্য প্ৰাচ্য আৰু বাংলাদেশৰ বজাৰৰ বৰ্ধিত চাহিদা পূৰণ কৰি নিজৰ বিশ্বব্যাপী প্ৰসাৰ বৃদ্ধি কৰিছে। নতুন সুবিধাসমূহে অনলাইন জিএছটি কাৰ্য-কলাপ, ই-ইনভইচ আৰু ই-ৱে বিল জেনেৰেচনৰ বাবে এক বিস্তৃত সমাধান প্ৰদান কৰিছে, লগতে জিএছটিআৰ-১ আৰু জিএছটিআৰ-৩বি সংহতিৰ বাবে উন্নত নমনীয়তা প্ৰদান কৰিছে। টেলি ছল্যুচনৰ পৰিচালন সঞ্চালক তেজছ গোয়েংকাই জনোৱা অনুসৰি, শেহতীয়া শুভাৰম্ভণিৰ লগে লগে এমএছএমইয়ে জিএছটি দাখিলৰ সময়ত ৬০-৭০% সময় ৰাহি কৰিব।

টেলিয়ে অহা ৩ বছৰত নিজৰ ব্যৱহাৰকাৰী ভিত্তি ৫০% বৃদ্ধিৰ লক্ষ্য ৰাখিছে আৰু সামগ্ৰিক বাৰ্ষিক বৃদ্ধিৰ হাৰ (চিএজিআৰ) ৩০-৪০% প্ৰাপ্ত কৰাৰ আশা কৰিছে। অসমতো স্থানীয় এমএছএমইসমূহে টেলিপ্ৰাইম ৫.০ৰ সৰলীকৃত অনুসৰণ প্ৰক্ৰিয়াৰ পৰা যথেষ্ট পৰিমাণে লাভৱান হ’ব, ইয়াৰ জৰিয়তে কাৰ্য-কলাপসমূহ সুশৃংখলিত কৰাৰ লগতে অঞ্চলটোৰ ব্যৱসায়িক পৰিৱেশ তন্ত্ৰত সমৃদ্ধিৰ প্ৰসাৰ ঘটাব।