কাইলৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেল।এই গুৰুত্বপূৰ্ণ খেলখনত ভাৰত আৰু নিউজিলেণ্ডৰ ক্ৰিকেট দল মুখামুখি হ’ব। দুয়োটা দলে ফাইনেলত প্ৰৱেশ কৰিবলৈ সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে, যাৰ ফলত এই মেচখন অত্যন্ত ৰোমাঞ্চকৰ হ’ব বুলি আশা কৰা হৈছে। ভাৰতীয় দলটোৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ জয় কৰাৰ লক্ষ্য লৈছে। ইফালে, প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনত জয়ী হোৱাৰ সপোন লৈ খেলপথাৰত প্ৰৱেশ কৰিব নিউজিলেণ্ডৰ দলটোৱে। ফাইনেলত প্ৰৱেশ কৰাৰ পূৰ্বে নিউজিলেণ্ডে প্ৰথম ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰে।
নিউজিলেণ্ডৰ বেটছমেন আৰু বলাৰসকলে উৎকৃষ্ট প্ৰদৰ্শন কৰি মেচখন একপক্ষীয় কৰি তুলিছিল। ইফালে দ্বিতীয় ছেমি ফাইনেলত ভাৰতীয় দলটোৱে ইংলেণ্ডক ৭ ৰানত পৰাস্ত কৰে। মেচখন আছিল অতি ৰোমাঞ্চকৰ, আৰু শেষলৈকে ফলাফল স্পষ্ট নাছিল। ভাৰতীয় বলাৰসকলে চাপত সুন্দৰ প্ৰদৰ্শন কৰি দলটোক ফাইনেললৈ লৈ যায়। ফাইনেলৰ পিছত বিজয়ী আৰু ৰানাৰ্ছ আপ দুয়োটা দলে লাভ কৰিব বৃহৎ ধন। বাতৰি অনুসৰি ২০২৬ চনৰ টি-২০ বিশ্বকাপত বিজয়ী দলটোৱে প্ৰায় ৩০ লাখ ডলাৰ (প্ৰায় ২৭.৫০ কোটি টকা) লাভ কৰিব। পৰাজিত দল বা ৰানাৰ্ছ আপে লাভ কৰিব প্ৰায় ১৬ লাখ ডলাৰ (প্ৰায় ১৪.৬৭ কোটি টকা)।
ইয়াৰ ফলত দুয়োটা দলে আৰ্থিকভাৱে যথেষ্ট লাভৱান হ’ব। ছেমি ফাইনেলত প্ৰৱেশ কৰা কিন্তু ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰা দলসমূহেও যথেষ্ট পৰিমাণৰ পুৰস্কাৰৰ ধন লাভ কৰিব। ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাই লাভ কৰিব প্ৰায় ০.৭৯ মিলিয়ন ডলাৰ (প্ৰায় ৭.২৪ কোটি টকা)। ইয়াৰ উপৰিও প্ৰতিযোগিতাখনত ৫ৰ পৰা দ্বাদশ স্থান দখল কৰা দলসমূহে প্ৰায় ০.৩৮ মিলিয়ন ডলাৰ (প্ৰায় ৩.৪৮ কোটি টকা) লাভ কৰিব। ১৩ৰ পৰা ২০ নম্বৰলৈ অন্ত পৰা দলসমূহে প্ৰায় ০.২৫ মিলিয়ন ডলাৰ (প্ৰায় ২.২৯ কোটি টকা) পুৰস্কাৰৰ ধন লাভ কৰিব।
