অহা ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৬।এই কথা ঘোষণা কৰিছে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত-নিউজিলেণ্ড টি-২০ বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে সম্প্ৰচাৰক ষ্টাৰ স্প’ৰ্টছে। প্ৰথমে ২৬ মাৰ্চৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাখন তামিলনাডু, কেৰালা, অসম, পশ্চিম বংগ, আৰু পুডুচেৰীৰ নিৰ্বাচনৰ বাবে ইয়াৰ সূচী সলনি কৰা হৈছে। অৱশ্যে প্ৰতিযোগিতাখনৰ সবিশেষ সূচী এতিয়াও প্ৰকাশ কৰা নাই আই পি এলৰ।
বিধানসভা নিৰ্বাচন থকা ৰাজ্যসমূহৰ তিনিটা ডাঙৰ ষ্টেডিয়ামক আই পি এলৰ স্থান হিচাপে ব্যৱহাৰ কৰা হৈছে। তামিলনাডুৰ চেন্নাইস্থিত এম এ চিদাম্বৰম ষ্টেডিয়াম (চেপাউক) চেন্নাই ছুপাৰ কিংছৰ ঘৰুৱা খেলপথাৰ। পশ্চিম বংগৰ কলকাতাৰ ইডেন গাৰ্ডেন কলকাতা নাইট ৰাইডাৰ্ছৰ ঘৰুৱা খেলপথাৰ হোৱাৰ বিপৰীতে গুৱাহাটীৰ বৰ্ষাপৰা ক্ৰিকেট ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ দ্বিতীয়টো ঘৰুৱা খেলপথাৰ হিচাপে পৰিগণিত হৈছে।
২০০৮ চনত আই পি এল আৰম্ভ হোৱাৰ পৰাই যেতিয়াই সাধাৰণ নিৰ্বাচন (২০০৯, ২০১৪, ২০১৯, আৰু ২০২৪) বা ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন হয়, তেতিয়াই প্ৰতিযোগিতাৰ সূচী দুটা ভাগত প্ৰকাশ কৰা হয়। এইবাৰ বি চি চি আইয়েও একে কাম কৰাৰ সম্ভাৱনা আছে।
