৩৩ বলত ফিন এলেনৰ অভিলেখ অপৰাজিত শতকেৰে নিউজিলেণ্ডে টি-২০ বিশ্বকাপত সৰ্বোত্তম প্ৰদৰ্শনৰে বুধবাৰে দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। তিনি সপ্তাহৰ পাছত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ আই পি এলত খেলিবলৈ ওলোৱা এলেনে নিজৰ ইনিংছত ১০টা চাৰি আৰু ৮টা ছয়ৰ সহায়ত শতক অৰ্জনৰে নিউজিলেণ্ডক মাত্ৰ ১২.৫ অভাৰত ১৭০ ৰানৰ লক্ষ্যত উপনীত কৰোৱায়।
ইডেন গাৰ্ডেনত তেওঁ টি-২০ বিশ্বকাপৰ আটাইতকৈ দ্ৰুততম শতক অৰ্জন কৰে। দক্ষিণ আফ্ৰিকাৰ হৈ অৰ্ধশতক অৰ্জন কৰা মাৰ্কো জান্সেনে ২.৫ অভাৰত ৫৩ ৰান দি উইকেটবিহীন হৈ পৰে। মিচেল ছাণ্টনাৰৰ অধিনায়কত্বত গঠিত নিউজিলেণ্ড দলটোৱে উৎকৃষ্ট স্পিন বলিং প্ৰদৰ্শন কৰি দক্ষিণ আফ্ৰিকাক ৮ উইকেটত ১৬৯ ৰানত সীমাবদ্ধ কৰি ৰাখিছিল।
অফ স্পিনাৰ ক’ল মেককনচি (এটা অভাৰত ২/৯) আৰু বাওঁহাতৰ স্পিনাৰ ৰাচিন ৰবিন্দ্ৰই (চাৰি অভাৰত ২/২৯) নিজৰ বলিঙৰ জৰিয়তে সুন্দৰ প্ৰদৰ্শনৰে দক্ষিণ আফ্ৰিকাৰ শীৰ্ষ বেটছমেনৰ উইকেট দখল কৰে। ইয়াৰ উত্তৰত এলেন আৰু টিম ছেইফাৰ্টে (৩৩ বলত ৫৮ ৰান) ৯ অভাৰত ১১৭ ৰানৰ অংশীদাৰিত্বৰে ২০২১ চনৰ পিছত দ্বিতীয়বাৰৰ বাবে নিউজিলেণ্ডক ফাইনেলত প্ৰৱেশ কৰোৱায়। ছয়টা পাৱাৰপ্লে অভাৰত এলেন আৰু ছেইফাৰ্টে ৮৪ ৰান সংগ্ৰহ কৰে।
