মঙলবাৰে অনুষ্ঠিত হোৱা আইচিচি টি-২০ বিশ্বকাপৰ গ্ৰুপ ডি-ৰ এখন খেলত ২৯টা বল বাকী থকা অৱস্থাত কানাডাক ৮ উইকেটত পৰাস্ত কৰি নিউজিলেণ্ডে ছুপাৰ ৮ত নিজৰ স্থান নিশ্চিত কৰে। কানাডাক চাৰি উইকেটত ১৭৩ ৰানত সীমাবদ্ধ কৰাৰ পাছত নিউজিলেণ্ডে ১৫.১ অভাৰত দুটা উইকেটত ১৭৬ ৰান সংগ্ৰহ কৰি সহজ জয়ৰ পঞ্জীয়ন কৰে।
নিউজিলেণ্ডৰ হৈ গ্লেন ফিলিপছে অপৰাজিত ৭৬ ৰান আৰু ৰাচিন ৰবিন্দ্ৰই অপৰাজিত ৫৯ ৰান সংগ্ৰহ কৰে। উল্লেখ্য যে কানাডাৰ অধিনায়ক দিলপ্ৰীত বাজৱাই টছত জয়লাভ কৰি মঙলবাৰে টি-২০ বিশ্বকাপৰ গ্ৰুপ ডি মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।
কানাডাই নিজৰ দলত এটা পৰিৱৰ্তন কৰি আঘাতপ্ৰাপ্ত কলিম ছানাৰ ঠাইত শিৱম শৰ্মাক অন্তৰ্ভুক্ত কৰিছে। অসুস্থ মিচেল ছাণ্টনাৰৰ অনুপস্থিতিত নিউজিলেণ্ডৰ অধিনায়ক হিচাপে আছে ডেৰিল মিচেলে। ছাণ্টনাৰৰ ঠাইত ক’ল মেককনচিয়ে লকি ফাৰ্গুচনৰ ঠাইত কাইল জেমিছনক দলত অন্তৰ্ভুক্ত কৰা হয়।
