চুইটছ মবিলিটী ভাৰত আৰু ইউৰোপত মুকলি কৰিছে নতুন বৈদ্যুতিক চিটী বাছ, পথ প্ৰশস্ত কৰিলে বহনক্ষম নগৰ পৰিবহণৰ

40

অশোক লেলেণ্ডৰ সহযোগী প্ৰতিষ্ঠান চুইটছ মবিলিটী লিমিটেডে সমগ্ৰ ভাৰত, ইউৰোপ আৰু জিচিচিৰ নগৰীয়া গতিশীলতাত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্যৰে শেহতীয়া বৈদ্যুতিক বাছ চুইটছ ইভ১২ আৰু চুইটছ ই১ মুকলি কৰিছে। ভাৰতৰ বাবে বিশেষভাৱে প্ৰস্তুত নিম্ন মহলাৰ বৈদ্যুতিক চিটী বাছ ইভ১২ উন্মোচন ককি ভাৰতৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে বহনক্ষম ৰাজহুৱা পৰিবহণৰ বাবে এক মাইলৰ খুঁটি বুলি উল্লেখ কৰিছে। চহৰীয়া যাতায়তৰ বাবে ডিজাইন কৰা ইভ১২-এ ৪০০ কিলোৱাট ঘণ্টাৰো অধিক কাৰ্যকৰী বেটাৰী ক্ষমতা প্ৰদান কৰা হৈছে আৰু ৩৯জন যাত্ৰীৰ বাবে বিশাল আভ্যন্তৰীণ অংশৰ সুবিধাসমূহো প্ৰদান কৰা হৈছে।

একেটা উপলক্ষতে ইউৰোপীয় বজাৰৰ বাবে প্ৰস্তুত চুইটছ ই১ কাৰ্যতঃ উন্মোচন কৰা হয়। দুয়োখন বাছতে সাধাৰণ বৈদ্যুতিক বাহন (ই ভি) স্থাপত্য আছে, যিয়ে উন্নত প্ৰদৰ্শন, সুৰক্ষা আৰু যাত্ৰীক আৰাম প্ৰদান কৰে। ভাৰতৰ সেউজ আন্তঃগাঁথনিৰ লক্ষ্যৰ সৈতে সংগতি থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি হিন্দুজা গ্ৰুপৰ অধ্যক্ষ অশোক পি হিন্দুজাই কয় যে, এই বাছসমূহ প্ৰধানমন্ত্ৰীৰ মেক ইন ইণ্ডিয়া দৃষ্টিভংগীৰ প্ৰতি সময়োচিত দায়ৱদ্ধতা প্ৰদৰ্শন।

চুইটছ ইভ১২-এ সহজ হুইলচেয়াৰৰ ব্যৱহাৰ, মহিলাৰ সুৰক্ষাৰ বাবে চিচিটিভি নিৰীক্ষণ আৰু উন্নত দৃশ্যমানতাৰ বাবে এক বৃহৎ পেনোৰামিক গ্লাছ এলেকা আদিৰ দৰে সুবিধাসমূহ প্ৰৱৰ্তন কৰে। ইতিমধ্যে ১,৮০০ৰো অধিক অৰ্ডাৰ লাভেৰে চুইটছ ইভ১২-এ ভাৰতীয় বজাৰ ৰূপান্তৰ ঘটাবলৈ সাজু হৈছে, ২০৩০ চনৰ ভিতৰত বৈদ্যুতিক চিটী বাছৰ পৰিমাণ ২১% বাৰ্ষিক বৃদ্ধি হ’ব বুলি অনুমান কৰা হৈছে। এই বৈদ্যুতিক বাছৰ প্ৰৱৰ্তনে সমগ্ৰ ৰাজ্যখনৰ বৰ্ধিত পৰিবহণৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে অসমৰ কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰাৰ এক সুযোগ প্ৰদান কৰিছে। বায়ু প্ৰদূষণ আৰু যান-জঁটৰ ওপৰত বৰ্ধিত উদ্বেগৰ জৰিয়তে চুইটছ ইভ১২ৰ দৰে বৈদ্যুতিক বাছ গ্ৰহণ কৰিলে গুৱাহাটীয়ে স্বচ্ছ, অধিক দক্ষ ৰাজহুৱা পৰিবহণ সমাধানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপলৈ অৰিহণা যোগাব পাৰে।