সমীক্ষাত প্ৰকাশ পাইছে ভাৰতীয়ৰ মাজত গোটেই বছৰজুৰি মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ আশংকা

98

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)ৰ অগ্ৰণী ব্ৰেণ্ড গুডনাইটে কৰা শেহতীয়া সমীক্ষাত ভাৰতীয়সকলৰ মাজত মেলেৰিয়া আৰু ডেংগুৰ দৰে মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ বছৰজোৰা প্ৰত্যাহ্বান-ভাবুকিৰ প্ৰতি ব্যাপক উদ্বেগ প্ৰকাশ পাইছে। “এটা মহ, অগণন ভাবুকি” শীৰ্ষক এই অধ্যয়নত প্ৰকাশ পাইছে যে ৮১% ভাৰতীয়ই বিশ্বাস কৰে যে এই মহজনিত ৰোগসমূহ কেৱল বাৰিষাৰ সময়তে নহয়, বছৰৰ যিকোনো সময়তে সংক্ৰমণ বা আক্ৰান্ত হ’ব পাৰে। এই তথ্য পূব ভাৰতৰ লোকসকলে অধিক বিশ্বাস কৰে, সমীক্ষাত পূব ভাৰতৰ ৮৬% উত্তৰদাতাই এই উদ্বেগৰ কথা প্ৰকাশ কৰিছে, পৰিসংখ্যাত ইয়াৰ পিছতে স্থান পশ্চিম (৮১%) আৰু উত্তৰ আৰু দক্ষিণ ভাৰতৰ(৮০%)।

যোৱা বছৰ ৯৪,০০০ৰো অধিক লোকে ডেংগু ৰোগত আক্ৰান্ত হোৱাৰ লগে লগে এই তথ্যই নিৰন্তৰ সতৰ্কতাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ফৰ্টিছ হাস্পতালৰ চিকিত্সক ডাঃ কীৰ্তি ছাবনিছকে ধৰি বিশেষজ্ঞসকলে সকীয়াই দিছে যে, জলবায়ু পৰিৱৰ্তন আৰু নগৰায়নৰ দৰে কাৰকে এই ৰোগসমূহৰ বছৰজুৰি সংক্ৰমণত অৰিহণা যোগাইছে, যাৰ ফলত জনস্বাস্থ্যৰ বাবে গুৰুতৰ বিপদাশংকাৰ সৃষ্টি হৈছে।

এই ক্ষেত্ৰত অৰ্থনৈতিক প্ৰভাৱো তাত্পৰ্যপূৰ্ণ, মহৰ দ্বাৰা হোৱা ৰোগে বছৰি ৪০ মিলিয়নৰো অধিক ভাৰতীয়ক প্ৰভাৱিত কৰি আহিছে। জিচিপিএলৰ নতুন গুডনাইট ফ্লেছ লিকুইড ভেপ’ৰাইজাৰে উন্নত সুৰক্ষাৰ প্ৰত্যাশা আনি দিছে, য’ত স্বদেশীভাৱে বিকশিত ‘ৰেন’ফ্লুথ্ৰিনে’ মহৰ বিৰুদ্ধে দুগুণ অধিক কাৰ্যকৰীতাৰ প্ৰতিশ্ৰুতি দিছে। অসমৰ ক্ষেত্ৰতো লক্ষ্য ৰাখিলে মহৰ দ্বাৰা হোৱা ৰোগে দৈনন্দিন জীৱন আৰু স্থানীয় অৰ্থনীতিত ব্যাপক প্ৰভাৱিত কৰিছে, এই জৰীপৰ ফলাফলতো এই কথা গভীৰভাৱে অনুৰণিত হৈছে। নিৰন্তৰ ভাবুকিৰ ফলত কাৰ্যকৰী মহ প্ৰতিৰোধৰ চাহিদা দিনকদিনে বৃদ্ধি পাইছে, যি বছৰজুৰি স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত গুডনাইটৰ শেহতীয়া উদ্ভাৱনৰ দৰে সামগ্ৰীৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰিছে।