উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড়ৰ উত্তৰাধিকাৰী হ’ব সঞ্জীৱ খান্না

4

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড়ৰ উত্তৰাধিকাৰী হ’ব উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না। মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড়ে জ্যেষ্ঠতাৰ ভিত্তিত ন্যায়াধীশ সঞ্জীৱ খান্নাক তেওঁৰ উত্তৰাধিকাৰীৰূপে নিযুক্ত দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পৰামৰ্শ আগবঢ়াইছে। সূত্ৰ অনুসৰি, মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে বুধবাৰে ন্যায়াধীশ খান্নালৈ তেওঁৰ পৰামৰ্শ পত্ৰ দাখিল কৰে। ন্যায়াধীশ খান্না ১১ নৱেম্বৰত ভাৰতৰ ৫১ তম মুখ্য ন্যায়াধীশ হ’ব।

১৮ জানুৱাৰী, ২০১৯ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উন্নীত হোৱা ন্যায়াধীশ খান্নাই ১৩ মে’, ২০২৫ তাৰিখে অৱসৰ গ্ৰহণ কৰিব। যদি ন্যায়াধীশ খান্নাই ১১ নৱেম্বৰত ৫১ তম মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰে, তেন্তে তেওঁৰ কাৰ্যকাল ছয় মাহতকৈ অলপ বেছি হ’ব আৰু ১৩ মে’, ২০২৫ তাৰিখে কাৰ্যকাল অন্ত পৰিব। ন্যায়াধীশ খান্নাক ২০০৫ চনত দিল্লী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে উন্নীত কৰা হৈছিল আৰু ২০০৬ চনত স্থায়ী ন্যায়াধীশ কৰা হৈছিল। ১৯৬০ চনৰ ১৪ মে’ত জন্মগ্ৰহণ কৰা ন্যায়াধীশ খান্নাই দিল্লী বিশ্ববিদ্যালয়ৰ আইন অনুষদৰ কেম্পাছ ল চেণ্টাৰ (চিএলচি)ৰ পৰা আইন অধ্যয়ন কৰিছিল।

উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ খান্নাৰ কিছুমান উল্লেখযোগ্য ৰায়ৰ ভিতৰত আছে নিৰ্বাচনত ই ভি এমৰ ব্যৱহাৰ বজাই ৰখা, এই সঁজুলিবোৰ সুৰক্ষিত বুলি ধাৰণা কৰা আৰু ভোটকেন্দ্ৰ দখল কৰি ভুৱা ভোটদানৰ সম্ভাৱনা নাইকিয়া কৰা। তেওঁ পাঁচজনীয়া বিচাৰপীঠৰ অংশ আছিল যিয়ে ৰাজনৈতিক দলসমূহক পুঁজি যোগান ধৰা নিৰ্বাচনী বণ্ড আঁচনিক অসাংবিধানিক বুলি ঘোষণা কৰিছিল। ন্যায়াধীশ খান্নাও পাঁচজনীয়া বিচাৰপীঠৰ অংশ আছিল যিয়ে পূৰ্বৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ কেন্দ্ৰৰ ২০১৯ চনৰ সিদ্ধান্তক বজাই ৰাখিছিল।