ক্ৰেডিটৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইউপিআই এপ মুকলি চুপাৰ.মানিৰ; বেটা পৰ্যায়তে লেনদেন হ’ল প্ৰায় ১০ মিলিয়ন

107

ফ্লিপকাৰ্ট গ্ৰুপৰ সমৰ্থিত ক্ৰেডিট প্ৰথম ইউপিআই সেৱা প্লেটফৰ্ম চুপাৰ.মানি-এ সফল বেটা পৰ্যায়ৰ অন্তত আনুষ্ঠানিকভাৱে নিজৰ এপ মুকলি কৰিলে। বেটা পৰীক্ষণৰ সময়ছোৱাতে এই এপটো প্ৰায় ১ মিলিয়ন লোকে ডাউনলোড লাভ কৰিছিল আৰু ১০ মিলিয়নতকৈ অধিক পৰিমাণৰ লেনদেনৰ সুবিধা প্ৰদান কৰিছিল, যিয়ে ব্যৱহাৰকাৰীৰ উল্লেখযোগ্য সঁহাৰি প্ৰতিফলিত কৰিছে। প্লেটফৰ্মৰ প্ৰাৰম্ভিক অফাৰৰূপে কাৰ্ড আৰু বেংক একাউণ্টৰ লিংকেজৰ জৰিয়তে ইউপিআই লেনদেন অন্তৰ্ভুক্তৰ ব্যৱস্থা কৰা হৈছে। চুপাৰ.মানি-এএ নিজৰ অভিনৱ “ক্ৰেডিট অন ইউপিআই” সমাধানৰ পৰীক্ষণ সম্পূৰ্ণ কৰিলে আৰু এই সুবিধাৰ অভিগ্যমতা পূৰণ কৰিবলৈ আগ্ৰহী ব্যৱহাৰকাৰীসকলৰ বাবে এক অপেক্ষা তালিকা(ৱেইট লিষ্ট)ৰ ব্যৱস্থাও কৰিছে। ইউপিআইত সুত বহনকাৰী ৱালেটৰ দৰে কাম কৰা ৰূপে ক্ৰেডিট কাৰ্ডৰ বৈশিষ্ট্যযুক্ত এই ব্যৱস্থা বিশ্বৰ ভিতৰতে প্ৰথম হিচাপে প্ৰচাৰ কৰা হৈছে।

চুপাৰ.মানিৰ লক্ষ্য হৈছে ফ্লিপকাৰ্ট আৰু মিন্ট্ৰাৰ দৰে অংশীদাৰৰ পৰা ব্যৱসায়ী লেনদেনত ৫% পৰ্যন্ত কেছবেক আৰু বিশেষ লেনদেনৰ ব্যৱস্থা কৰি দৈনন্দিন লেনদেন বৃদ্ধি কৰা। ইয়াৰ লগতে এই এপে ছুপাৰনেমড্ৰপ, ৰেফ’ল আৰু মিম-মানিৰ দৰে অনন্য ৰিৱাৰ্ড পদক্ষেপ মুকলি কৰিছে, যিয়ে বিত্তীয় লেনদেনত সামাজিক মাত্ৰা যোগ দিছে।

এপটোৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া প্ৰকাশ চিকাৰিয়াই কয় যে, “আজিৰ তাৰিখত ভাৰতত ডিজিটেল পৰিশোধৰ দৃশ্যপট সুযোগেৰে ভৰি আছে। আমি ব্যৱহাৰকাৰীসকলে কেনেদৰে বিত্তীয় সেৱাৰ সৈতে জড়িত হৈ এই প্ৰেক্ষাপটক ন ৰূপত নিৰ্ধাৰণ কৰিব পাৰোঁ তাৰ ওপৰত বিশেষভাৱে লক্ষ্য ৰাখিছো, যাতে সকলো গ্ৰাহকে অধিক সুলভ আৰু ডিজিটেল ভাৱে সমৰ্থৱান ভাৰতৰ বাবে চৰকাৰৰ দৃষ্টিভংগীৰ সৈতে সংযোজিত হৈ পৰে।” চুপাৰ.মানিয়ে আহি থকা দিনবোৰত সহ-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড, ফিক্সড ডিপজিট আৰু তাৎক্ষণিক ঋণ আদিৰ দৰে অফাৰসমূহ সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে, যাৰ ফলত ভাৰতত বিত্তীয় সেৱাৰ প্ৰৱেশাধিকাৰ অধিক গণতান্ত্ৰিক আৰু সহজ হ’ব।