ছুপাৰ.মানি আৰু উৎকর্ষ স্মল ফাইনেন্স বেংকে মুকলি কৰিলে বিশ্বৰ প্ৰথম ইউপিআই সক্ষম ক্ৰেডিট কাৰ্ড

141

যুগান্তকাৰী পদক্ষেপৰ সূচনা কৰি ছুপাৰ.মানিয়ে উৎকৰ্ষ স্মল ফাইনেন্স বেংকৰ সৈতে অংশীদাৰিত্ব কৰি বিশ্বৰ প্ৰথমখন ইউনিভাৰ্চেল কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড ছুপাৰকাৰ্ড মুকলি কৰিছে, য’ত ইউপিআই সংহতিৰ সুবিধা সন্নিবিষ্ট কৰা হৈছে। গ্ল’বেল ফিনটেক ফেষ্ট ২০২৪ত মুকলি কৰা এই অভিনৱ কাৰ্ডখনে ইউপিআইৰ কাৰ্যক্ষমতাক ৰুপে নেটৱৰ্কত সুৰক্ষিত ক্ৰেডিট কাৰ্ডৰ সৈতে একত্ৰিত কৰি ৯০ টকাৰ পৰা ৯ লাখ টকালৈকে ক্ৰেডিট লিমিট নিৰ্ধাৰণ কৰিছে। গ্ৰাহকৰ বিস্তৃত বৰ্ণালী অনুসৰি ডিজাইন কৰা ছুপাৰকাৰ্ডৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ১০০ টকাতকৈ কম জমা ধনেৰে ক্ৰেডিট কাৰ্ড সুৰক্ষিত কৰিব পাৰে, য’ত আকৰ্ষণীয় সুত প্ৰদান কৰা হয়। এই পদ্ধতিয়ে কেৱল ঋণ পৰিৱেশ তন্ত্ৰত এক সুলভ প্ৰৱেশ বিন্দু প্ৰদান কৰাই নহয়, লগতে ব্যৱহাৰকাৰীসকলৰ ঋণ প্ৰফাইল বৃদ্ধি কৰাৰ লগতে জমা ধনৰ পৰিমানো বৃদ্ধি কৰে।

ছুপাৰকাৰ্ডত ছুপাৰইউপিআইৰ জীৱনজোৰা প্ৰৱেশ, মিণ্ট্ৰা (৫%), ক্লিয়াৰট্ৰিপ (৩%) আৰু ফ্লিপকাৰ্ট (২%)ত ৰেহাইৰ লগতে যোগ্য লেনদেনত ০.৫% কেছবেককে ধৰি বহুতো ৰিৱাৰ্ডৰ সুবিধা ৰখা হৈছে। এই নিৰৱচ্ছিন্ন ৰিৱাৰ্ড কাৰ্যসূচীয়ে প্ৰতিটো ক্ৰয়ৰ লগে লগে তাৎক্ষণিক আৰ্থিক সুবিধা নিশ্চিত কৰে। গুৱাহাটীত ছুপাৰকাৰ্ডৰ মুকলিৰ লগে লগে নমনীয় আৰু সৰ্বাংগীন ক্ৰেডিট বিকল্প প্ৰদান কৰি স্থানীয় গ্ৰাহকৰ সংযোগ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। কাৰ্ডৰ ইউপিআই সংহতিয়ে অঞ্চলটোত ডিজিটেল পেমেণ্টৰ ক্ৰমবৰ্ধমান ট্রেণ্ডটোৰ সৈতে সংগতি ৰাখিছে, যিয়ে ক্ৰেডিট কাৰ্ড গ্ৰহণৰ ক্ষেত্ৰত বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছে।

উৎকর্ষ স্মল ফাইনেন্স বেংকৰ এমডি এণ্ড চিইঅ’ গোবিন্দ সিঙে বজাৰত প্ৰৱেশ আৰু বিত্তীয় অন্তৰ্ভুক্তি সম্প্ৰসাৰণৰ অংশীদাৰিত্বৰ লক্ষ্যৰ ওপৰত আলোকপাত কৰিছে। ছুপাৰ.মানিৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া প্ৰকাশ চিকাৰিয়াই ঋণ লাভ গণতান্ত্ৰিককৰণ আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ পথ প্ৰশস্ত কৰাত কাৰ্ডৰ ভূমিকাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে।