গ্ৰীস্মকালীন নাট কৰ্মশালা

160

পিনাক, বৰপেটাৰ সহযোগত বৰপেটা বিধান সভা সমষ্টি ভিত্তিক গ্ৰীস্মকালীন নাট কৰ্মশালা অনুষ্ঠিত হৈছে ৷

বৰপেটা জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন নাট কৰ্মশালা বন্তি প্ৰজ্জ্বলন কৰি আনুষ্ঠানিক ভাবে মুকলি কৰে বৰপেটাৰ জ্যেষ্ঠ অভিনেতা ,পৰিচালক চিন্ময় দাসে ৷

প্ৰায় ত্ৰিশ গৰাকী শিশু আৰু কিশেৰ কিশোৰীয়ে অংশ গ্ৰহণ কৰা নাট কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে চিন্ময় কুমাৰ দাস ,লিয়াকৎ আলী,,ৰাজু ৰয় ,নিৰ্মল দাস ,শান্তনু দাস ,নিতুল পাটোৱাৰী , প্ৰশান্ত জ্যোতি দাস ,অজিত কুমাৰ দাস ,ৰমেন দাস ,গুনীন্দ্ৰ নাথ নবিশ, উৎপল কুমাৰ দাস আৰু হেমাংগ ৰায় চৌধুৰীয়ে ৷এই নাট কৰ্মশালা অহা ৩১ জুলাইত সামৰণি পৰিব ৷