গুৱাহাটী , ২৫জানুৱাৰী: পেট্ৰোলিয়াম আৰু ৰন্ধনগেছৰ দৰে বিপদজনক বাহন চলোৱা চালক সকলৰ স্বাস্থ্য সজাগতা আৰু তেওঁলোকে চলোৱা বাহন সদায় যাতে নিৰাপদে ৰাখিব পাৰে তাৰ বাবে ৰাজ্যজুৰি চলি থকা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক) কাৰ্যালয় উদ্যোগত ভাৰতীয় তেল নিগমৰ বেতকুছিস্থিত গুৱাহাটী টাৰ্মিনেল চৌহদত ২২ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিশেষ সজগতা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰৰ আজি সামৰণি পৰে। তিনিদিনীয়া শিবিৰত বিপদজনক বাহন চলোৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫০০ জন চালকে অংশগ্ৰহণ কৰে। আনহাতে জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত অনুষ্ঠিত শিবিৰত ভাগ লোৱা চালকসকলৰ বিনামূলীয়াকৈ চকু আৰু সাধাৰণ স্বাস্থ্য পৰীক্ষা কৰা হয়।
আনহাতে সামৰণি অনুষ্ঠানত জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসৰ উপৰিও ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠান ক্ৰমে ভাৰতীয় তেল নিগম লিমিটেড ( আই অ চি এল) আৰু হিন্দুস্থান পেট্ৰোলিয়াম কৰ্পৰেচন লিমিটেড ( এইচ পি চি এল ) ৰ উপ মহা প্ৰবন্ধক, ডিপো প্ৰবন্ধককে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকি ডিজেল, পেট্ৰলকে ধৰি খাৰুৱা তেল সৰবৰাহ কৰা বাহন আৰু এল পি জিকে ধৰি তেনে ধৰণৰ জ্বলন সামগ্ৰী সৰবৰাহ কৰা বাহন চলোৱা চালক সকলে ৰাজপথত কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ বিশদ ব্যাখ্যা দাঙি ধৰে।
তেনেদৰে জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে বিপদজনক বাহনৰ চালক এজনৰ স্বাস্থ্য সজাগতাৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি এইক্ষেত্ৰত পৰিবহণ বিভাগে সময়ে সময়ে গ্ৰহণ কৰি অহা কাৰ্যসূচী সুগৰ আলোকপাত কৰে। আনহাতে তিনিদিনীয়া শিবিৰত সমল ব্যক্তি হিচাপে কামৰূপ মহানগৰ জিলাৰ যান-বাহন পৰিদৰ্শক আৰু প্ৰৱৰ্তক পৰিদৰ্শক সকলে ভাগ লয়। শিবিৰত উন্নত প্ৰদৰ্শন কৰা চালক সকলক বঁটা প্ৰদান কৰা হয়। আনহাতে জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে জানিবলৈ দিয়া মতে, ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে জিলা পৰিবহণ বিভাগে গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠানত পথ সুৰক্ষাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। সুৰক্ষিত যাতায়াত ব্যৱস্থা আৰু দুৰ্ঘটনা ৰোধৰ বাবে পৰিবহণ বিষয়া দাসে পথ সুৰক্ষাৰ সকলো নীতি-নিয়ম মানি বাহন চলাবলৈ সকলোকে আহ্বান জনোৱা হৈছে।