ভাৰতৰ ১ নং ৰেফ্ৰিজাৰেটৰ ব্ৰেণ্ড চেমচাঙে আধুনিক ভাৰতীয় গ্ৰাহকসকলৰ বাবে প্ৰস্তুত কৰা বেচপোক ডাবল ড’ৰ ৰেফ্ৰিজাৰেটৰ ৰেঞ্জ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। বিবিধ সুন্দৰ ৰঙৰ বিকল্পৰ এক বৰ্ণালীৰ সৈতে নতুন বেচপোক ফ্ৰীজসমূহে যিকোনো পাকঘৰলৈ নগৰীয়া আড়ম্বৰ আৰু স্বকীয়তাৰ স্পৰ্শ লৈ আহে।
চেমচাঙে মুকলি কৰিছে নিজৰ নতুন বেচপক ডাবল ড’ৰ ফ্ৰীজ পৰিসৰ, য’ত বেচপক প্ৰিমিয়াম ক’টা ষ্টীল আৰু বেচপক গ্লাছ দুয়োটা ভেৰিয়েণ্টত পোৱা যায়। ক’টা বেইজ আৰু চাৰ্ক’ল আৰু ক’টা চাৰ্ক’লত উপলব্ধ বেচপক প্ৰিমিয়াম ক’টা ভেৰিয়েণ্টে আপোনাৰ পাকঘৰত ভিনটেজ চাৰ্ম(পুৰণি আকৰ্ষণ) যোগ কৰে। বেচপোক গ্লাছ ভেৰিয়েণ্ট ক্লিন হোৱাইট আৰু পিংক গ্লাছ আৰু ক্লিন ব্লেক গ্লাছত পোৱা যায়। বেচপক ডাবল ড’ৰ ফ্ৰীজসমূহে কাৰ্যক্ষমতা আৰু ডিজাইন দুয়োটাই প্ৰদান কৰে, কনভাৰ্টিবল ৫-ইন-১ মডেলে অধিক ষ্টোৰেজ স্থান আৰু নমনীয়তা প্ৰদান কৰে। এই বিষয়ে চেমচাং ইণ্ডিয়াৰ ডিজিটেল এপ্লায়েন্স বিজনেছৰ ছিনিয়ৰ ডাইৰেক্টৰ সৌৰভ বৈশাখিয়াই কয় যে, “আমি ভাৰতলৈ এই নতুন ৰেঞ্জ আনিবলৈ পাই উৎসাহিত হৈছোঁ, যিয়ে দৈনন্দিন জীৱনলৈ অধিক সুবিধা, ষ্টাইল আৰু বহনক্ষমতা বৃদ্ধি কৰে।”
সমগ্ৰ ভাৰতৰ আগশাৰীৰ ইলেক্ট্ৰনিক খুচুৰা বিপণী আৰু চেমচাং শ্বপত উপলব্ধ ৩০,৫০০ টকাৰ বেচপক ডাবল ড’ৰ ফ্ৰীজ। প্ৰিমিয়াম ক’টা মডেল ৩০,৫০০ টকাৰ পৰা ৪২,৫০০ টকা মূল্যৰ ভিতৰত বিভিন্ন কেপাচিটী(ক্ষমতা)ত পোৱা যায়। আনহাতে গ্লাছ ভেৰিয়েণ্ট ৫৪,০০০ টকাৰ পৰা ৫৭,৮০০ টকাৰ ভিতৰত উপলব্ধ।