দৌলাশাল হাইস্কুলত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ শীৰ্ষক আলোচনাচক্ৰ সম্পন্ন

42

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশাল হাইস্কুলত আজি উত্তৰ -পশ্চিম বৰক্ষেত্ৰী পৰীক্ষা পৰিষদৰ উদ্যোগত আৰু নলবাৰী জিলা অধিবিদ্যা পৰিষদৰ ১০ নং গোটৰ সহযোগত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ শীৰ্ষক এখনি আলোচনাচক্ৰ অনুষ্ঠিত হৈ যায় ।  কাৰ্যসূচী অনুসৰি পুৱা দৌলাশাল হাইস্কুলৰ সহকাৰী শিক্ষক জয়ন্ত কুমাৰ দাসৰ তত্বাৱধানত পৰিৱেশ নিকাৰণৰ পাছতেই পুৱা ৮ বজাত পতাকা উত্তোলন কৰে দৌলাশাল হাইস্কুলৰ বিদ্যালয়প্ৰধান চৰিফুদ্দিন আহমেদে। ইয়াৰ পাছতেই গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে দৌলাশাল হাইস্কুলৰ সহকাৰী শিক্ষক ক্ৰমে হৰগোবিন্দ নাথ আৰু ৰমণী নাথে । বন্তি প্ৰজ্বলন কৰে দৌলাশাল হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি চন্দ্ৰহংস বৈশ্যই । দিনৰ ১১ বজাত উত্তৰ-পশ্চিম বৰক্ষেত্ৰী মাধ্যমিক পৰীক্ষা পৰিষদৰ সভাপতি আবু বক্কৰ ছিদ্দিকৰ সভাপতিত্বত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ শীৰ্ষক আলোচনাচক্ৰ । আলোচনা চক্ৰৰ আৰম্ভণিতে দৌলাশাল হাইস্কুলৰ ছাত্ৰীয়ে পৰিৱেশন কৰে সমবেত সংগীত । আদৰণি ভাষণ প্ৰদান কৰে দৌলাশাল হাইস্কুলৰ বিদ্যালয়প্ৰধান চৰিফুদ্দিন আহমেদে । দৌলাশাল হাইস্কুলৰ সহকাৰী শিক্ষক জয়ন্ত কুমাৰ দাসে আঁত ধৰা আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ সম্পৰ্কত ভাষণ প্ৰদান কৰে নলবাৰী জিলা পৰিমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়াই ।  শিক্ষক- শিক্ষয়িত্ৰীসকলক উদ্দেশ্য কৰি  ঠাকুৰীয়াই ভাষণ প্ৰসংগত কয়  – “ভাৰত চৰকাৰে সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে যে জিডিপিৰ ৬ শতাংশ শিক্ষাৰ ক্ষেত্ৰত খৰচ কৰিব আৰু পৃথিৱীৰ ভিতৰত আগশাৰীৰ ৫০খন বিশ্ববিদ্যালয়ৰ যিকোনো বিশ্ববিদ্যালয়ে ভাৰতত কেম্পাছ খুলিব পাৰিব ।

ইয়াৰ দ্বাৰাই আমাৰ ছাত্ৰ-ছাত্ৰীসকল বিদেশলৈ নগৈ ভাৰততে শিক্ষা গ্ৰহণ কৰিব পাৰিব ৷” আলোচক হিচাপে উপস্থিত থাকি বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা ক্ৰমে ময়ুৰী মহন্ত আৰু গীতিকা দত্ত শৰ্মাই । আলোচক ময়ুৰী মহন্তই আলোচ্য বিষয়ৰ ওপৰত বিশদভাবে আলোকপাত কৰি বিশ্বৰ বিভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ফেৰ মাৰিব পৰাকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ প্ৰস্তুত কৰিছে বুলি জানিবলৈ দিয়ে ৷ তেখেতে কয় যে – ছাত্ৰ-ছাত্ৰীয়ে মুখস্তৰ পৰিবৰ্তে যাতে বুজিব পৰাকৈ শিক্ষাগ্ৰহণ কৰিব পাৰে তাৰ প্ৰতি নতুন শিক্ষানীতিয়ে গুৰুত্ব প্ৰদান কৰিছে ৷ ময়ুৰী মহন্তই পুনৰ কয় যে শিশুসকলৰ কি গুণ আছে সেইটো চিনাক্ত কৰাটো শিক্ষকসকলৰ দায়িত্ব ৷ ভাষা হিচাপে সকলো বিষয় শিকিব লাগে যাতে ভবিষ্যতে আগবাঢ়ি যাব পাৰি ৷ এতিয়াৰে পৰা বিজ্ঞান, কলা আৰু বাণিজ্য বুলি কোনো শাখা নাথাকিব, নৱম শ্ৰেণীতে ছাত্ৰ-ছাত্ৰীসকলে ৪৮ টা বিষয়ৰ পৰা বাচনি কৰিব পাৰিব ৷ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে বিদ্যালয় আধাতে এৰি যোৱা ছাত্ৰ-ছাত্ৰীসকলক যাতে পুনৰাই ঘূৰাই আনিব পাৰি তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে বুলিও কয় ময়ুৰী মহন্তই ৷ ছাত্ৰ-ছাত্ৰীসকলক ন্যূনতম সাংখ্যিক আৰু ভাষিক জ্ঞানত গুৰুত্ব দিছে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ৷

বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ সমান্তৰালভাৱে স্বাস্থ্যৰ ক্ষেত্ৰত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে গুৰুত্ব দিছে বুলিও মন্তব্য কৰে ময়ুৰী মহন্তই ৷ মাতৃভাষাৰ লগতে বিদেশী ভাষা আৰু ভাৰতীয় ভাষা শিকাৰ ক্ষেত্ৰতো নতুন শিক্ষানীতিয়ে প্ৰাধান্য প্ৰদান কৰিছে বুলি কয় ৷ আলোচনা চক্ৰত নলবাৰী শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা গীতিকা দত্ত শৰ্মা উপস্থিত থাকি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত আলোকপাত কৰে ৷ তেখেতে কয় যে- ২০২০ চনৰ ২৯ জুলাইত গৃহীত ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিয়ে ভাৰৰতবৰ্ষক কেনেকৈ বিশ্বৰ ভিতৰত এক নম্বৰ কৰিব পাৰি তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে বুলি কয় ৷ ভাষা, ধৰ্ম সকলোবোৰ যাতে শিক্ষাত সংযুক্ত কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখিছে নতুন শিক্ষানীতি ২০২০ য়ে ৷ নতুন শিক্ষানীতিয়ে ৩ বছৰ বয়সতে শিশুসকলক বিদ্যালয়লৈ অহাত গুৰুত্ব আৰোপ কৰিছে বুলিও কয় ৷ গীতিকা দত্ত শৰ্মাই পুনৰ কয় যে ছাত্ৰ-ছাত্ৰীসকলক আৰম্ভনিৰে পৰা মূল্যবোধৰ শিক্ষা দিব লাগিব ৷ ল’ৰা-ছোৱালীসকলক উৎসাহিত কৰিব লাগে,  তেতিয়া ছাত্ৰ-ছাত্ৰীয়ে সাহস পায় ৷ শিক্ষকসকল ছাত্ৰ-ছাত্ৰীৰ ভাল বন্ধু, যিয়ে নেকি ছাত্ৰ-ছাত্ৰীৰ সকলো দিশ নিৰ্ণয় কৰিব পাৰে ৷ শিক্ষকসকল হৈছে মূল ব্যক্তি, শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক বুজি উঠি উচিত শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব বুলিও কয় গীতিকা দত্ত শৰ্মাই ৷

নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ফলপ্ৰসু কৰিবলৈ শিক্ষকসকলে আগভাগ ল’ব লাগিব বুলিও কয় গীতিকা দত্ত শৰ্মাই ৷ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ আহি যাতে উৎসাহ পায় তাৰ পৰিবেশ গঢ়িব লাগিব শিক্ষকসকলে ৷ সৰুৰে পৰা ছাত্ৰ-ছাত্ৰীসকলৰ চৰিত্ৰ গঠন আৰু ভৱিষ্যতে যাতে কিবা এটা কৰিব পাৰে তাৰ মানসিকতা শিক্ষকসকলে গঢ়িব লাগিব বুলিও কয় গীতিকা দত্ত শৰ্মাই ৷ আলোচনা চক্ৰত আমন্ত্ৰিত অতিথি হিচাপে নলবাৰী জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক কৃষ্ণকান্ত মহন্ত,  দৌলাশাল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ক্ৰমে অকণ চন্দ্ৰ চৌধুৰী আৰু গৰ্গনাৰায়ণ বৰ্মন,  বৰতলা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান  শিক্ষক তথা সদৌ অসম মাধ্যমিক শিক্ষক-কৰ্মচাৰী সংস্থাৰ প্ৰাক্তন সভাপতি ভূৱনেশ্বৰ নাথৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে ৷ আলোচনা চক্ৰত উত্তৰ -পশ্চিম বৰক্ষেত্ৰী পৰীক্ষা পৰিষদৰ অন্তৰ্গত ওঠৰখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ দৌলাশাল হাইস্কুলৰ সহকাৰী শিক্ষক ৰমণী নাথে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছত অসম সংগীত পৰিৱেশনেৰে আলোচনা চক্ৰৰ সামৰণি পৰে ৷