উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত, বন বিভাগে গোলাঘাট জিলাৰ মেৰাপানীত অবৈধ বেদখলৰ বিৰুদ্ধে নতুন অভিযান অাৰম্ভ কৰিছে। ২১ ফেব্ৰুৱাৰীত, মেৰাপানীৰ ২ নম্বৰ নেঘেৰীবিল অঞ্চলৰ ৫৯ টা পৰিয়ালক উচ্ছেদৰ জাননী প্ৰদান কৰা হয়, যাৰ বাবে সি আৰ পি এফ আৰু স্থানীয় আৰক্ষীৰ বিশাল বাহিনী উপস্থিত আছিল।
বন বিভাগৰ সূত্ৰ অনুসাৰে, ১০ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে বন বিভাগক অবৈধ বসতিৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছিল। গতিকে, আগতে জাননী প্ৰদান কৰা ২০৫ টা পৰিয়ালৰ উচ্ছেদ কাৰ্য্য স্থগিত আছিল, যিহেতু সিহঁতে আদালতলৈ গিছিলা। এতিয়া উচ্চতম ন্যায়ালয়ৰ আদেশৰ বাবে গোলাঘাট বন সংমণ্ডলে ২১ ফেব্ৰুৱাৰীত নতুন জাননী জাৰি কৰা হৈছে।
জামুগুৰি বনাঞ্চলৰ আঞ্চলিক বন বিষয়া ৰঞ্জন বৰুৱাই উল্লেখ কৰিছে যে বেদখলকাৰীসকলে সাত দিনৰ ভিতৰত নথিপত্ৰ জমা দিব লাগিব। যদি সিহঁতৰ নথিপত্ৰ বৈধ নহয়, তেন্তে ১৫ দিনৰ ভিতৰত ভূমি খালী কৰি দিব লাগে। অন্যথা, বন বিভাগে উচ্ছেদ প্ৰক্ৰিয়া অব্যাহত ৰাখিব। বহু পৰিয়ালে জাননী গ্ৰহণ নকৰাৰ ফলত, বিভাগে ঘৰৰ দুৱাৰত জাননী আঁৰি দিয়াৰ ব্যৱস্থা কৰিছে। এই পৰিয়ালসমূহ দয়াং সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰিছে, যাৰ ফলে অঞ্চলটোত উত্তেজনা বৃদ্ধি পিছে।
