অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফল হোৱা প্ৰাৰ্থীসকলক লৈ ব্যৱসায় চলোৱা কোচিং চেন্টাৰসমূহৰ বিৰুদ্ধে এতিয়া কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। বুধবাৰে লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ বিষয়াৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিশেষ নিৰ্দেশনা প্ৰদান কৰে। সফল প্ৰাৰ্থীৰ ফটো ব্যৱহাৰ কৰি দিয়া সকলো বিজ্ঞাপন এসপ্তাহৰ ভিতৰত প্ৰত্যাহাৰ কৰিবলৈ তেওঁ কঠোৰ ভাষাৰে সকীয়াই দিয়ে।
কোচিং চেন্টাৰসমূহক ‘ঘোকট বিদ্যাৰ কাৰখানা’ আখ্যা দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে একাংশ প্ৰতিষ্ঠানে প্ৰাৰ্থীৰ সফলতাৰ শ্ৰেয় লবলৈ অনৈতিক পথ অৱলম্বন কৰিছে। ছাত্ৰ-ছাত্ৰীক ভাটৌৰ দৰে মুখস্থ কৰিবলৈ শিকোৱা এই চেন্টাৰসমূহক বাধা দিবলৈ লোকসেৱা আয়োগক প্ৰশ্ন কাকতৰ ধৰণ সলনি কৰিবলৈও তেওঁ পৰামৰ্শ দিয়ে। চৰকাৰী চাকৰি কেৱল মেধাৰ ভিত্তিত দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ সন্তানৰ বাবেহে বুলি উল্লেখ কৰি তেওঁ কয় যে কোনো মাৰ্কেটিং কেম্পেইনৰ দ্বাৰা সফলতা লাভ কৰিব নোৱাৰি।
বিগত পাঁচ বছৰত ৰাজ্য চৰকাৰে ১.৬ লাখ নিযুক্তি প্ৰদান কৰিছে বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই সমগ্ৰ প্ৰক্ৰিয়াত অনিয়মৰ কোনো এটা নজিৰো পোহৰলৈ অহা নাই। এসময়ত লোকসেৱা আয়োগৰ চাকৰিৰ বাবে কোটি টকাৰ লেনদেন হৈছিল বুলি উল্লেখ কৰি তেওঁ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ কথাও দোহাৰে। বৰ্তমানৰ নিকা নিযুক্তি প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰি তেওঁ নৱনিযুক্ত বিষয়াসকলক সততাৰে কাম কৰিবলৈ আহ্বান জনায়।
প্ৰযুক্তিৰ সহায়ত এতিয়া দুৰ্নীতিগ্ৰস্ত বিষয়াক কৰায়ত্ত কৰাটো সহজ হৈ পৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে সকীয়াই দিয়ে। বিশেষকৈ ৰাজহ বিভাগৰ মণ্ডলসকলৰ বিৰুদ্ধে চলা অভিযানৰ উদাহৰণ দি তেওঁ কয় যে আয়কৰ বিভাগৰ পৰা অবৈধ ধন লুকুৱাই ৰখাটো এতিয়া সম্ভৱ নহয়। কেৱল এ চি এছ বা এ পি এছতে সন্তুষ্ট নাথাকি নৱনিযুক্ত বিষয়াসকলক ইউ পি এছ চি পৰীক্ষাৰ বাবেও সাজু হ’বলৈ তেওঁ উৎসাহিত কৰে।
