অসমত ষ্টকহোল্ডিং ডিজিডক মুকলি: ডিজিটেল ডকুমেণ্ট মেনেজমেণ্টৰ বাবে এক গেম চেঞ্জাৰ

8

ডিজিটেল ৰূপান্তৰৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ষ্টক হোল্ডিং কৰ্পৰেচন অৱ ইণ্ডিয়া লিমিটেড(ষ্টকহল্ডিং)-এ অসমত মুকলি কৰিলে নিজৰ অভিনৱ প্লেটফৰ্ম ষ্টকহোল্ডিং ডিজিডক। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মিছন বসুন্ধৰা ৩.০ অনুষ্ঠানত আনুষ্ঠানিকভাৱে উন্মোচন কৰে এই প্লেটফৰ্মৰ৷ ডিজিডক প্লেটফৰ্মে শুল্ক পৰিশোধকে ধৰি নথি-পত্ৰসমূহৰ নিৰৱচ্ছিন্ন ডিজিটেল সম্পাদনৰ সুবিধা প্ৰদান কৰে। প্ৰথম অৱস্থাত শপতনামা, ক্ষতিপূৰণ বণ্ড আৰু বন্ধকী(মৰ্টগেজ) বণ্ডৰ বাবে সেৱা আগবঢ়োৱা এই প্লেটফৰ্মে আইনী প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰিবলৈ আৰু সমগ্ৰ অসমতে সেৱাৰ সুলভতা উন্নত কৰিবলৈ লক্ষ্য ৰাখিছে। এই পদক্ষেপে ডিজিটেল ইণ্ডিয়াৰ বাবে চৰকাৰৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে আৰু আইনী লেনদেনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।

ষ্টকহোল্ডিঙৰ ই-সেৱা মুৰব্বী শশীকান্ত নায়কে এই বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, “যিকোনো সময়তে আৰু যিকোনো স্থানতে আইনী নথি ডিজিটেলভাৱে কাৰ্যকৰী কৰাৰ সামৰ্থ্যই ব্যক্তি, ব্যৱসায় আৰু আইনী পেছাদাৰী সকলক যথেষ্ট লাভান্বিত কৰিব।” তেওঁ লগতে গুৰুত্ব আৰোপ কৰি কয় যে, ”ডিজিডক প্লেটফৰ্মে কেৱল নথিৰ ব্যৱস্থাপনাসমুহ সৰল কৰাই নহয়, লগতে প্ৰশাসনিক বোজা হ্ৰাস কৰি চৰকাৰৰ ‘ব্যৱসায় কৰাৰ সহজতা’ প্ৰচেষ্টাকো সমৰ্থন জনাইছে।”

তথ্য প্ৰযুক্তি আইন ২০২০ৰ আইনী সমৰ্থনেৰে ডিজিটেলভাৱে সম্পাদন কৰা নথিসমূহ এতিয়া পৰম্পৰাগত স্বাক্ষৰৰ দৰে একে বৈধতা ৰাখে, যিয়ে সমগ্ৰ অসমৰ ব্যৱহাৰকাৰীসকলৰ বাবে এক দ্ৰুত আৰু অধিক সুবিধাজনক প্ৰক্ৰিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।