সমগ্ৰ উত্তৰ-পূব ভাৰতৰ শক্তি খণ্ডৰ আন্তঃগাঁথনি বৃদ্ধিৰ লক্ষ্যৰে ৪০০ কেভি ডি/চি আন্তঃৰাজ্যিক ট্ৰেন্সমিছন চিষ্টেম (আই এছ টি এছ) প্ৰকল্প নংগলবিব্ৰা-বঙাইগাঁও ট্ৰেন্সমিছন লাইন ষ্টাৰলাইট পাৱাৰে সফলতাৰে সম্পূৰ্ণ কৰি শুভাৰম্ভ কৰিছে। এই প্ৰকল্পই মেঘালয়ত নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান নিশ্চিত কৰাৰ লগতে অসমৰ পৰা বিদ্যুৎ স্থানান্তৰৰ সুবিধা প্ৰদান কৰিছে।
৩০০ চাৰ্কিট কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পত মেঘালয়ৰ নংগলবিব্ৰাত ৩০০ মেগাৱাট ৰূপান্তৰ ক্ষমতাৰে গ্ৰীণফিল্ড চাবষ্টেচন আৰু ব্ৰহ্মপুত্ৰ নদ পাৰ হৈ ১২৩ কিলোমিটাৰ ট্ৰেঞ্চমিছন লাইন অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ লগতে ১৩২ কেভি ডি/চি ট্ৰেন্সমিছন লাইনে অসমৰ হাটশিঙিমাৰীক মেঘালয়ৰ আমপতিৰ সৈতে সংযোগ কৰি অতিৰিক্ত শক্তিৰ উৎস প্ৰদান কৰে। এই উপকেন্দ্ৰটোৱে ভৱিষ্যতে ৪০০ কেভিলৈ সম্প্ৰসাৰণ বৃদ্ধিৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হ’ব।
ষ্টাৰলাইট পাৱাৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বিজনেছৰ চিইঅ’ অৰুণ শৰ্মাই এই কথা সদৰি কৰি কথা যে, এই মেগা প্ৰকল্পই ১০০০ মেগাৱাটতকৈ অধিক বিদ্যুৎ হস্তান্তৰ কৰিব, শক্তিৰ নিৰ্ভৰযোগ্যতা উন্নত কৰিব আৰু অসম আৰু মেঘালয়ৰ আৰ্থ-সামাজিক বিকাশত সহায় কৰিব। নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰা এই প্ৰকল্পই আঞ্চলিক নেটৱৰ্কসমূহক ভিৰমুক্ত কৰি উত্তৰ-পূবৰ বিদ্যুৎ যোগানৰ মানো উন্নত কৰিব। এই পদক্ষেপৰ ফলত নিৰৱিচ্ছিন্ন বিদ্যুৎ যোগান নিশ্চিত কৰি দুয়োখন ৰাজ্যৰ ঔদ্যোগিক বিকাশত সহায় কৰিব আৰু অঞ্চলটোলৈ নতুন বিনিয়োগ আকৰ্ষণ কৰি লাভৱান হ’ব। উন্নত শক্তি আন্তঃগাঁথনিয়ে স্থানীয় উদ্যোগসমূহৰ প্ৰতিযোগিতামূলকতা বৃদ্ধি কৰিব, লগতে ৰাজ্যখনৰ অৰ্থনৈতিক সম্ভাৱনাও বৃদ্ধি কৰিব। ষ্টাৰলাইট গ্ৰীড ৩২ লিমিটেডে দেশৰ ৮খন ৰাজ্যত ১০টা প্ৰকল্প সম্পূৰ্ণ কৰিছে আৰু ভাৰতৰ বহনক্ষম শক্তিৰ ভৱিষ্যতলৈ পৰিৱৰ্তনক সহায় কৰিবলৈ স্বচ্ছ শক্তি সঞ্চাৰণক আগুৱাই লৈ গৈছে।